তিতাবৰত বিৰল প্ৰজাতিৰ হালধীয়া ছালাজাৰ পিট ভাইপাৰ সাপ উদ্ধাৰ...

তিতাবৰত বিৰল প্ৰজাতিৰ হালধীয়া ছালাজাৰ পিট ভাইপাৰ সাপ উদ্ধাৰ...

author-image
Asomiya Pratidin
New Update
তিতাবৰত বিৰল প্ৰজাতিৰ হালধীয়া ছালাজাৰ পিট ভাইপাৰ সাপ উদ্ধাৰ...

ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰ চেঁচা সত্ৰৰ সমীপৰ ননৈ গাঁৱত আজি এটা বিৰল ছালাজাৰ পিট ভাইপাৰ বিষাক্ত প্ৰজাতি সাপ উদ্ধাৰ কৰা হয়‌। এই বিলুপ্তিপ্ৰায় পথত থকা বিৰল প্ৰজাতি হালধীয়া বৰণৰ ছালাজা পীট ভাইপা‌ৰ ।

Advertisment

২০১৯ চনত অৰুণাচল প্ৰদেশত আৱিষ্কাৰ হোৱা ছালাজাৰ পীট ভাইপাৰ সাপ বিধ সেউজীয়া আছিল যদিও আজি তিতাবৰত উদ্ধাৰ হোৱা পীট ভাইপাৰটো ৰঙ হালধীয়া। যোৰহাটৰ সৰ্প বন্ধু পাৰ্থ বৰাৰ তৎপৰতাত আজি পুৱা তিতাবৰ চেঁচা সত্ৰ ননৈ গাৱৰ এজন ব্যক্তি ফুলনীবাৰী পৰা বিলুপ্তিপ্ৰায় পথত থকা হালধীয়া বৰণৰ ছেলেজা পীট ভাইপাৰ নামৰ সাপটো উদ্ধাৰ কৰা হয়।

সাধাৰণতে অসমৰ চাহ বাগিচাৰ অঞ্চলত এই বিৰল প্ৰজাতি সাপটো বেছিকৈ বিচাৰি পোৱা যায়। কাৰণ বাগিচা পাতৰ লগত সহজতেই মিলি থাকে সাপটো,ফলত পাত ছিঙা সময়তেই এজন শ্ৰমিকক দংশন কৰে । এই সাপটো বিষাক্ত হয় যদিও সাপটোৱে কামুৰিলে কটা ছিঙা পৰা বিৰত থাকিব লাগে ।

সৰ্পবন্ধু পাৰ্থ বৰাই জানিবলৈ দিয়া মতে ‌বিৰল প্ৰজাতি ছালাজা পীট ভাইপাৰ নামৰ হালধীয়া প্ৰজাতি সাপবিধ বৰ্তমান বিলপ্তিপ্ৰায় পথত কাৰণ জধে মধে ইয়াক হত্যা কৰা বাবে এনে সংকট নামি আহিছে । বিৰল প্ৰজাতি সাপটো ইতিমধ্যে সৰ্প বন্ধু পাৰ্থ বৰাই উদ্ধাৰ কৰি যোৰহাট বনবিভাগক ছমজাই দিছে আৰু বন বিভাগে বিৰল প্ৰজাতি সাপটো গিৱন মুকলি কৰি দিব ।

তিতাবৰ