/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/0e695ce5-65b0-4bd6-9941-037d8949f656/kjkd.jpg)
Rare species of monkeys.
ডিজিটেল সংবাদ, শিলচৰ: ৰঙিয়াৰ পাছত এইবাৰ বন্য জন্তুৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সফল অভিযান ৷ সোমবাৰে নিশা কাছাৰ জিলাৰ মিজোৰাম সীমান্তৱৰ্তী লাইলাপুৰত তালাচী চলাই আৰক্ষীয়ে দুটাকৈ বিৰল প্ৰজাতিৰ বান্দৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ বান্দৰ দুটা জব্দ কৰা হয় যদিও বন্য জন্তু দুটা সৰবৰাহ কৰা কোনো লোককে আটক কৰিব পৰা নাই আৰক্ষীয়ে ৷ আৰক্ষীয়ে লাইলাপুৰ আৰক্ষী চকীৰ ওচৰত ৰাখি থোৱা অৱস্থাত বন্য জন্তু দুটা উদ্ধাৰ কৰে ৷
ইফালে এটি আন্তঃ ৰাষ্ট্ৰীয় চক্ৰই এই বন্য জন্তু দুটা চোৰাং ভাৱে সৰবৰাহ কৰা বুলি সদৰী কৰিছে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাতোৱে ৷ ম্যানমাৰ আৰু ইণ্ডোনেছিয়াৰ পৰা বন্য জন্তু সমুহ মিজোৰাম হৈ বৰাক উপত্যকাৰ মাজেৰে সৰবৰাহ কৰি বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰে এই আন্তঃৰাষ্ট্ৰীয় চক্ৰটোৱে৷
জব্দ কৰা বান্দৰ দুটাৰ প্ৰতিটোৰ মুল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত চল্লিশ কোটি টকা ৷ দুয়োটা বন্য জন্তুৰ মূল্য আশী কোটি টকা হ'ব বুলি সদৰী কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে৷ বন্য জন্তু চোৰাং কাৰবাৰৰ সৈতে জৰিত থকা আন্তঃৰাষ্ট্ৰীয় চক্ৰটোক আটক কৰিবলৈ আৰক্ষী সক্ষম হ'ব বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে৷