/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/rape.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: যি সময়ত দুবছৰ বিৰতিৰ পাছত ৰঙালীৰ উৎসৱ মুখীতাত বিধৌত হৈছে ঢকুৱাখনাবাসী তেনে সময়তে মানৱতাক লজ্জানত কৰা এক নিকৃষ্ট কাণ্ডই ৰঙালীৰ উচাহ ম্লান কৰি তুলিছে । ঘটনাটো ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত সুঁতিমুখ গাঁৱৰ ।
গাঁওখনৰ এগৰাকী কিশোৰীয়ে গাঁৱৰ বিহুত অংশ গ্ৰহণ কৰি ঘৰলৈ অকলে উভতি আহিছিল ১৫ এপ্ৰিলৰ "মানুহ বিহুৰ" নিশা ৭'৫৫ মান বজাত। গাঁৱৰ মাজৰ চিৰ পৰিচিত পথেৰে নিৰ্ভয়ে ঘৰমুৱা হোৱা কিশোৰী গৰাকীক গাঁও খনৰে এজন লম্পট যুৱক গোপাল দাসৰ পুত্ৰ উপেন দাসে( ২৫) ঘৰত থৈ অহাৰ আশ্বাসেৰে লগত আনি বলপূৰ্বকভাৱে পথৰ সমীপৰ এটা নৱ নিৰ্মিত ঘৰৰ ভিতৰলৈ বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।
ঘটনা সন্দৰ্ভত কিশোৰী গৰাকীৰ অভিভাৱকৰ জ্ঞাত হোৱাৰ পাছত পলমকৈ ঢকুৱাখনা সদৰ থানাত এক গোচৰ তৰে । সদৰ থানাত পঞ্জীভূত গোচৰ (৬৭/২০২২) ভিত্তিত আৰক্ষীয়ে নিৰ্যাতিতা কিশোৰী গৰাকীক স্বাস্থ্য পৰীক্ষা কৰি তদন্ত অব্যাহত ৰাখিছে ।
অঞ্চলটোৰ সামাজিক পৰিবেশ কলুষিত কৰা এই নিকৃষ্ট কাণ্ডৰ নায়ক উপেনক বিচাৰি ঢকুৱাখনা আৰক্ষীৰ অভিযান অব্যাহত আছে যদিও বাতৰি লেখা পৰলৈকে উৱাদিহ উলিয়াব পৰা নাই । ঢকুৱাখনাৰ স্বাভিমানক কলংক সনা এই বৰ্বৰ কাণ্ডক ঢকুৱাখনা মহকুমা মহিলা সমিতি , ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠনে একেমুখে গৰিহণা দি লম্পট উপেন দাসক দৃষ্টান্ত মূলক শাস্তি বিহাৰ দাবী জনায় ।
আৰু পঢ়ক : ছাত্ৰীৰ শালীনতা হানিৰ অপচেষ্টা! লিডু মহাবিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে প্ৰতিবাদ…