Advertisment

মঙলবাৰে গুৱাহাটীলৈ আহিব ৰণবীৰ এলাহবাদীয়াঃ আৰম্ভ কৰিব পাৰিব পডকাষ্ট...

মঙ্গলবাৰে গুৱাহাটীত অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ সন্মুখত হাজিৰ হোৱাৰ সম্ভাৱনা আছে ইউটিউবাৰ ৰণবীৰ এলাহবাদীয়াৰ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰিয়েই তেওঁ আহিব গুৱাহাটীলৈ।

author-image
Tushar Pratim
New Update
মঙলবাৰে গুৱাহাটীলৈ আহিব ৰণবীৰ এলাহবাদীয়াঃ আৰম্ভ কৰিব পাৰিব পডকাষ্ট...

ডিজিটেল ডেস্কঃ মঙ্গলবাৰে গুৱাহাটীত অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ সন্মুখত হাজিৰ হোৱাৰ সম্ভাৱনা আছে ইউটিউবাৰ ৰণবীৰ এলাহবাদীয়াৰ। উল্লেখ্য যে, ইউটিউবাৰ সময় ৰাইনাৰ শ্ব’ ইণ্ডিয়াছ গট লেটেণ্টৰ এটা এপিছ’ডত অংশগ্ৰহণ কৰি ৰণবীৰে মানৱ সমাজক কলংকিত কৰা কেতবোৰ মন্তব্য কৰিছিল।

Advertisment

তাৰ পাছতেই দেশজুৰি আৰম্ভ হৈছিল বিতৰ্ক। এই বিতৰ্কৰ মাজতে গুৱাহাটী, মহাৰাষ্ট্ৰকে ধৰি কেইবাটাও স্থানত ৰণবীৰ এলাহবাদীয়াকে ধৰি শ্ব’টোৰ পেনেলত উপস্থিত থকা আটাইকেইগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। সেই গোচৰৰ ভিত্তিতে মঙ্গলবাৰে গুৱাহাটীত ক্ৰাইম ব্ৰাঞ্চৰ সন্মুখত হাজিৰ হোৱাৰ সম্ভাৱনা আছে ৰণবীৰ এলাহবাদীয়াৰ।

উল্লেখ্য যে, ৰণীবৰ এলাহবাদীয়াই গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পাবলৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। ন্যায়ালয়ে তেওঁক গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰক্ষা কৰিছিল যদিও আৰক্ষীক সম্পূৰ্ণ সহযোগিতাৰ নিৰ্দেশ প্ৰদান কৰিছিল। তাৰোপৰি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত তেওঁৰ পডকাষ্ট বন্ধ ৰখাৰো নিৰ্দেশ দিয়া হৈছিল।

জানিব পৰা মতে মঙ্গলবাৰে অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে ৰণবীৰ এলাহবাদীয়াক। তদন্তৰ সময়ত তেওঁ অকলেই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব। ইফালে ন্যায়ালয়ে শেহতীয়াকৈ আন এক নিৰ্দেশনাৰ জৰিয়তে ৰণবীৰ এলাহবাদীয়াক পডকাষ্ট আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিছে। অৱশ্যে তেওঁ পডকাষ্টত সম্পূৰ্ণ শালীনতা  ৰক্ষা কৰিব লাগিব।  

 

অসম আৰক্ষী উচ্চতম ন্যায়ালয়