৪,৭১৭ গৰাকী শিক্ষকক প্রদান কৰা হ’ব নিযুক্তি পত্র...

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ সংবাদমেল। ১ লাখ নিযুক্তিক লৈ মন্তব্য শিক্ষামন্ত্ৰীগৰাকীৰ

author-image
Asomiya Pratidin
New Update
৪,৭১৭ গৰাকী শিক্ষকক প্রদান কৰা হ’ব নিযুক্তি পত্র...

ডিজিটেল ডেস্ক : শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ সংবাদমেল। ১ লাখ নিযুক্তিক লৈ মন্তব্য শিক্ষামন্ত্ৰীগৰাকীৰ। ১ লাখ নিযুক্তিৰ কাম চৰকাৰে খৰতকীয়া কৰিছে। গ্রেছমাৰ্ক প্রাপ্ত শিক্ষকক নিযুক্তি প্রদান কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

লগতে তেওঁ কয় যে - ‘ন্যায়ালয়ত গোচৰ চলিছে যদিও বাধা আঁতৰিব’। ‘টেট উত্তীৰ্ণ, কলেজ শিক্ষকক নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে’। আনহাতে, ভিক্টৰ দাসক নিলম্বন কৰাৰ সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে ‘ভিক্টৰ দাসক নিয়ম অনুসৰি নিলম্বন কৰা হৈছে। ৪৮ ঘণ্টা আৰক্ষীৰ জিম্মাত থাকিলেই নিলম্বিত’।

আনহাতে, ভিক্টৰ দাসৰ বিৰুদ্ধে বিভাগীয় তদন্ত হ’ব বুলি মত প্ৰকাশ কৰে। ইয়াৰ উপৰিও ২৩ ছেপ্টেম্বৰত পুনৰ ‍বৃহৎ নিযুক্তি দিয়া হ’ব। ৪,৭১৭ গৰাকী শিক্ষকক প্রদান কৰা হ’ব নিযুক্তি পত্র। আদালতৰ নিৰ্দেশ মতে ২৯৮গৰাকী বাছনিকৃত প্রাৰ্থীয়ে লাভ কৰিব নিযুক্তি। শীঘ্রে প্রকাশ পাব শিক্ষা বিভাগৰ শ্বেতপত্র।

‘২০১১ৰ পৰা ব্যাপক পৰিৱৰ্তন হৈছে শিক্ষা বিভাগত। আন্তঃগাঁথনি উন্নয়নৰ দিশতো কাম কৰা হৈছে। শীঘ্রেই শিক্ষক পদৰ বাবে প্রকাশ পাব নতুন বিজ্ঞাপন। সংবাদমেলত এই কথা ঘোষণা শিক্ষামন্ত্ৰী গৰাকীৰ।

assam ranoj pegu