শিক্ষা সেতু এপত সহযোগ নকৰিলে বিদ্যালয়ৰ নামত অহা চৰকাৰী ধনৰ তদন্ত হ'ব...

শিক্ষা সেতু এপক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া। একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে এতিয়াও সহযোগ কৰা নাই শিক্ষা সেতু এপত।

author-image
Asomiya Pratidin
New Update
শিক্ষা সেতু এপত সহযোগ নকৰিলে বিদ্যালয়ৰ নামত অহা চৰকাৰী ধনৰ তদন্ত হ'ব...

ডিজিটেল সংবাদ,ধেমাজি: শিক্ষা সেতু এপক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া। একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে এতিয়াও সহযোগ কৰা নাই শিক্ষা সেতু এপত। যাৰ বাবে অসন্তুষ্ট শিক্ষামন্ত্ৰী ৰনোজ পেগু।

Advertisment

বুধবাৰে ধেমাজিত আয়ুস্মান কাৰ্ড বিতৰণৰ এক অনুষ্ঠানত উপস্থিত হৈ শিক্ষামন্ত্ৰী পেগুয়ে কয় যে, যিসকলে শিক্ষা সেতু এপত তথ্য দাখিল নকৰিব প্ৰয়োজনত সেইসমূহ বিদ্যালয়ৰ মধ্যাহ্ন ভোজন, ইউনিফৰ্ম আদিৰ বাবে অহা সকলো চৰকাৰী ধনৰ ওপৰত তদন্ত কৰিব লাগিব|

যিসকল শিক্ষকে শিক্ষা সেতু এপ ব্যৱহাৰৰ পৰা বিৰত আছে তেওঁলোকক অতি সোনকালে এই এপ ব্যৱহাৰ কৰি সকলো তথ্য আপলোড কৰিবলৈ আহ্বান জনাইছে শিক্ষামন্ত্ৰী গৰাকীয়ে|

শিক্ষামন্ত্ৰী গৰাকীৰ মতে একাংশ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে ভাৰপ্ৰাপ্ত হৈ থকাৰ আলমতেই শিক্ষা সেতু এপ ব্যৱহাৰ নকৰি টেবলেট সমূহ ঘূৰাই দিয়াৰ হুংকাৰ দিছিল শিক্ষা বিভাগক | এইবাৰ অৱশ্যে সেইসকল শিক্ষকলৈকে শিক্ষামন্ত্ৰী গৰাকীয়ে দিলে হুংকাৰ| যদি বিদ্যালয়লৈ অহা চৰকাৰী ধনসমূহ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে খৰচ কৰিব পাৰে তেন্তে শিক্ষা সেতু এপ ব্যৱহাৰ কৰি তথ্যসমূহ আপলোড কৰিব নোৱাৰে কিয় বুলি প্ৰশ্ন কৰে তেওঁ।

উল্লেখ্য় যে, শিক্ষাবিভাগৰ শিক্ষা সেতু এপ আৰু বহু বিদ্যালয়ত প্ৰধানশিক্ষক নোহোৱাৰ বাবে প্ৰতিবাদ কৰিছি একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে। এইসকলে শিক্ষা বিভাগে দিয়া টেবলেটো ঘূৰাই দিয়াৰ হুংকাৰ দিছিল।

Also Read: ''শাৰীৰিকভাৱেও মই পুৰুষ হ'ব বিচাৰো'' প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কন্যাৰ লিংগ পৰিৱৰ্তনৰ সিদ্ধান্ত

ranoj pegu