ধেমাজি হাবুঙত শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ দ্বাৰা অমৃত সৰোবৰ নিৰ্মাণৰ শুভাৰম্ভণি...

author-image
Asomiya Pratidin
New Update
ধেমাজি হাবুঙত শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ দ্বাৰা অমৃত সৰোবৰ নিৰ্মাণৰ শুভাৰম্ভণি...

ডিজিটেল সংবাদ , ধেমাজি : স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে সমগ্ৰ দেশতে শনিবাৰে প্ৰধানমন্ত্ৰী জন্মদিনটোৰ লগত সংগতি ৰাখি ৰাজ্যত ২৬২৫ টা অমৃত সৰোবৰৰ কামৰ আৰম্ভণিৰ লগতে  ধেমাজি জিলাতো ৭৫ টা ভিতৰত শনিবাৰে ৩৬ টা অমৃত সৰোবৰ নিৰ্মাণৰ শুভাৰম্ভ কৰা হয় । ধেমাজি জিলাৰ ঐতিহাসিক হাবুঙৰ চৌহদত অমৃত সৰোবৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে শিক্ষা মন্ত্ৰী ডা° ৰনোজ পেগুৱে। শিক্ষা মন্ত্ৰী গৰাকীয়ে সম্পূৰ্ণ টাই আহোম ফুৱালুং সংঘৰ ধৰ্মীয় নীতি নিয়মৰে সমষ্টিৰটোৰ পাচটা কৈ অমৃত সৰোবৰ পুখুৰীৰ কামৰ শুভাৰম্ভনি কৰে।

Advertisment

ইয়াৰ উপৰিও সমগ্ৰ ৰাজ্যতে শনিবাৰে এহেজাৰ টা প্ৰধানমন্ত্ৰী আবাস যোজনা গ্ৰামীণ গৃহ শুভাৰম্ভনি কাৰ্য্যসূচীৰ লগত সংগতি ধেমাজিতো ১২৪ টা পি.এম .এ . ৱাই . জি গৃহ শুভাৰম্ভনি হয় ৷ ৰাজ্যত নিযুক্তিৰ প্ৰসংগক লৈ সাংবাদিকে সোধা প্ৰশ্ন উত্তৰত মন্ত্ৰী পেগুৱে কয় যে ইতিমধ্যে হৈ যোৱা পৰীক্ষাত কোনোধৰণৰ বিসংগতি হোৱা নাই তথা নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ তাৰে কৰা হব বুলি উল্লেখ কৰি সমান্তৰালকৈ জনজাতিকৰণৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিক্ষা মন্ত্ৰী গৰাকীয়ে ৰাজ্য ছয় জনগোষ্ঠীৰ জাতিকৰণৰ হেতু কেন্দ্ৰীয় চৰকাৰক ইত্যিমধ্যে প্ৰতিবেদন জমা দিছে ৷

এতিয়া ৰাজ্য সভা আৰু লোক সভাৰ উভয় সদনতে বিল পাচ হোৱা পিছতে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা কৰিব ৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে একো কৰিব লগীয়া নাই বুলি মন্ত্ৰী পেগুৱে জনায় ৷ অৱেশ্যে ৰাজ্য চৰকাৰে ছয় জনগোষ্ঠীৰ উন্নয়নৰ বাবে সকলো কাম কৰি গৈছে বুলি উল্লেখ কৰি টাই আহোম , মৰান , মটক ,চুতীয়া , কোচ ৰাজবংশীকে ধৰি এই জনগোষ্ঠী সমূহৰ স্বায়ত্ত্বশাসিত পৰিষদবোৰ গঠন কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে ৷

শুভাৰম্ভনি অনুষ্ঠানত ধেমাজি জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য , ধেমাজি জিলা পৰিষদৰ সভাপতি মহন গগৈ, ধেমাজি জিলা পৰিষদৰ কাৰ্য্যবাহী বিষয়া প্ৰফুল্ল দেউৰী, ধেমাজি জিলা নগৰ উন্নয়ন প্ৰাধীকৰনৰ সভাপতি সভাপতি তোলন কোঁৱৰ , ধেমাজি খণ্ড উন্নয়ন বিষয়া নবীন কামানকে আদি কৰি জিলা প্ৰশাসনৰ বহুকেইগৰাকী বিষয়া কৰ্মচাৰী উপস্থিত থাকে ৷

dhemaji ranoj pegu