/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-07/bmiqsy33/25.jpg)
ডিজিটেল সংবাদ,বজালীঃ ৰাজ্যৰ চৌদিশে এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ।ইয়াৰ মাজতে দুৰ্গা পূজা সমিতিসমূহলৈ চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে বিশেষ সাহাৰ্য্য। চৰকাৰী সাহায্য হিচাপে ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেই অনুসৰি ৰাজ্যৰ বিভিন্ন পূজা সমিতিক ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰা হৈছে।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে বজালী বিধানসভাৰ অন্তৰ্গত ৯খন দুৰ্গা পূজা সমিতিলৈ ১০ হাজাৰ টকাৰ চেক বিতৰণ অনুষ্ঠানৰ আয়োজন কৰে। বজালী আয়ুক্তৰ কাৰ্যালয়ত আয়োজন কৰা উক্ত চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস।
জাক জমকতাৰ পৰিৱৰ্তে আধ্যাত্মিক পৰিবেশৰ মাজেৰে পূজা উদযাপন কৰিবলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে। আনহাতে বিৰোধীয়ে ৰাজ্য চৰকাৰক অৰ্থনীতি অৱস্থাক লৈ কৰা সমালোচনা সন্দৰ্ভত তেওঁ কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ মুখ চাই ধাৰ দিয়া নাই, জিডিপি চাই হে ধাৰ দিছে।
তেওঁ লগতে কয়, কংগ্ৰেছে দেখোন চৰকাৰী কৰ্মচাৰী সকলক দৰমহা দিব পৰা নাছিল।উল্লেখ্য যে ইয়াৰ পূৰ্বে মন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ১৪ লাখ টকা ব্যয় সাপেক্ষে সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা ১৭০ গৰাকী ৰোগীৰ মাজত চেক বিতৰণ কৰে।
Also Read: জামুগুৰিহাটৰ নামঘৰত চুৰিকাণ্ড: চোৰে লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us