কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গুঞ্জুৰ ঘৰলৈ যাব বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত, দিব আশীৰ্বাদ-শুভেচ্ছা

কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গুঞ্জুৰ ঘৰলৈ যাব বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত, দিব আশীৰ্বাদ-শুভেচ্ছা

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ বিৰোধী দল কংগ্ৰেছৰ শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰেমলাল গুঞ্জুৰ বাসগৃহলৈ গৈ শুভেচ্ছা আৰু মৰম দিব বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই৷ শুকুৰবাৰে নৱগঠিত ন-দুৱাৰ সমষ্টিত চাৰিখনকৈ দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবলৈ আহি সাংবাদিকৰ আগত এইদৰে কয় বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে ৷

প্ৰতিদ্বন্দ্বী সবল হ’লেহে যুজ কৰি ভাল লাগে বুলি উল্লেখ কৰি বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই কয় প্ৰতিদণ্ডি প্ৰেমলাল গুঞ্জু তেওৰ সমষ্টিৰে মানুহ৷ আমি একেলগে বহু সামাজিক কাম কাজত মাজে মাজে উপস্থিত থাকো আৰু মোক তেখেতে দাদা বুলি সম্বোধনো কৰে৷ ৩০ বছৰ কংগ্ৰেছ দল কৰি বৰ্তমান সাংসদৰ টিকট লাভ কৰা প্ৰেমলাল গুঞ্জুক সেয়ে জ্যেষ্ঠ হিচাপে ৰঞ্জিত দত্তই জনাব আশীৰ্বাদ আৰু শুভেচ্ছা৷

আনহাতে আপ সন্দৰ্ভত দত্তই কয় যে ''দিল্লী মে দোস্তি আৰু আসাম মে কুষ্টি'' বুলিও কটাক্ষ কৰে৷ উল্লেখ্য যে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক লগত লৈ আজি সমষ্টিটোৰ ৰঙাচকুৱা,চাৰিদুৱাৰ,গমিৰিপাল আৰু চতিয়াত চাৰিখনকৈ সাংগঠনিক সভাত অংশগ্ৰহণ কৰে বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰঞ্জিত দত্তই৷

কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গুঞ্জুৰ ঘৰলৈ যাব বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত, দিব আশীৰ্বাদ-শুভেচ্ছা
কংগ্ৰেছৰ পৰা পদত্য়াগ সাংসদ আব্দুল খালেকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in