/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/62f49be0-8de5-4699-bcdc-83232d3793ef/kkkd.jpg)
ডিজিটেল ডেস্কঃ ধুবুৰীত জিকিব ৰকিবুল হুচেইন। ৪জুনৰ নিৰ্বাচনী ফলাফল ঘোষণা পূৰ্বে এই ফলাফল দিলে বিজেপিৰ প্ৰাক্তন সভাপতি তথা মন্ত্ৰী ৰঞ্জিত দাসে। আজমল হাৰিব বুলি উল্লেখ কৰি সংবাদমাধ্যমৰ সন্মুখত মন্ত্ৰী দাসে বৰপেটাত ফণীভূষণ চৌধুৰী, গুৱাহাটীত বিজুলী কলিতা মেধি আৰু কৰিমগঞ্জত বিজেপিয়েই জয় লাভ কৰিব বুলি দাবী কৰে।
গুৱাহাটীত অৱশ্যে তেওঁ পূৰ্বতে কোৱাৰ দৰে ৪লাখ ভোটৰ ব্যৱধানত বিজুলী কলিতা মেধি নিজিকে বুলিও কয়। সেই ব্যৱধান ১-২.৫০লাখৰ ভিতৰত থাকিব বুলিও কয় মন্ত্ৰীগৰাকীয়ে। সামগ্ৰিকভাৱে অসমৰ ১৪টা লোকসভা সমষ্টিত ভিতৰত ১১টাত বিজেপি আৰু মিত্ৰদলৰ প্ৰাৰ্থী জয়ী হব বুলি কয় মন্ত্ৰী দাসে।
Also Read: লখিমপুৰত মৰেল পুলিচিংঃ পুত্ৰক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে মাতৃয়ে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us