/asomiyapratidin/media/media_files/2025/05/12/3MhLCB63ybDIqjwHCz4L.jpg)
ডিজিটেল সংবাদ চানডুবিঃ গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ মেকুৰীকুছি প্ৰাথমিক বিদ্যালয় চৌহদত আজি এক গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। উল্লেখ্য যে মৈৰাপুৰ ভিলেজ পট্টালেণ্ড ষ্টোন’ৰ উদ্যোগত আৰু মেকুৰীকুছি মিলন শিল্পী সংঘৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ন কৰা হয়।
উক্ত কাৰ্যসূচীত মেকুৰীকুছি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ–ছাত্ৰী, মেকুৰীকুছি ৰাইজ গয়ৰহৰ সভাপতি ভূপেন ৰাভা, নগাঁও সামাজিক বনানিকৰণৰ বন সংমণ্ডল বিষয়া ৰোহিনী কুমাৰ দাস, পূৱ কামৰূপ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক মনোৰঞ্জন বৰ্মন, মৈৰাপুৰ ভিলেজ পট্টালেণ্ড ষ্টোন’ৰ স্বত্বাধিকাৰী বাবুল ৰাভা, ৰাণী অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী অনিল গোস্বামী লগতে স্থানীয় ৰাইজ উপস্থিত থাকি বিভিন্ন গছ–গছনিৰ পুলি ৰোপণ কৰে।
এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বন সংমণ্ডল বিষয়া ৰোহিনী কুমাৰ দাসে কয় যে পাৰিপাৰ্শ্বিকতা অক্ষুণ্ণ ৰক্ষা, প্ৰদূষণ মুক্ত পৰিবেশ গঢ়াৰ স্বাৰ্থত প্ৰতিটো দিনত আমি গছ পুলি ৰোপন কৰিব লাগে। সেয়ে গছপুলি ৰোপণৰ দৰে এই মহান কাৰ্যসূচীত ৰাইজক জড়িত হ’বলৈও আহ্বান জনায়।