ট্রাক আৰু মেক্সিম’ বাহনৰ মুখামুখি সংঘৰ্ষ, থিতাতে প্ৰাণ গ'ল চালকৰ

ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো কম হোৱা নাই পথ দুৰ্ঘটনাৰ সংখ্যা

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

road accident road accident

ডিজিটেল ডেস্ক: ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো কম হোৱা নাই পথ দুৰ্ঘটনাৰ সংখ্যা। শুকুৰবাৰে ৰংজুলিৰ ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

Advertisment

ৰংজুলি চিকিৎসালয়ৰ সমীপত ট্রাক আৰু মেক্সিম’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় মেক্সিম’ চালক। নিহতজন বৰপেটাৰ ৰহিম খান বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

ইয়াৰ উপৰিও গুৰুতৰভাৱে আহত হয় মেক্সিম’খনৰ এজন আৰোহী। আহত জনক গোৱালপাৰা চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে।

assam dead road accident