ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ত একতা দৌৰ

ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ত একতা দৌৰ

author-image
Asomiya Pratidin
New Update
ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ত একতা দৌৰ

ডিজিটেল সংবাদ, ৰঙিয়া : ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ত আজি পুৱাৰ ভাগত 'একতা দৌৰ'ৰ আয়োজন কৰা হয়। উল্লেখ্য যে আধুনিক ভাৰতবৰ্ষৰ স্বপ্নদ্ৰষ্টা তথা খনিকৰ চৰ্দাৰ বল্লভভাই পেটেলৰ পবিত্ৰ জন্ম দিৱস উপলক্ষে ৩১ অক্টোবৰত ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰি আহিছে।

Advertisment

উল্লেখ্য যে, এইবেলি দীপাৱলীৰ বাবে ৩১ অক্টোবৰত চৰকাৰী বন্ধ থকাত আজি ৩০ অক্টোবৰতে পি এম শ্ৰী ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ উদ্যোগত বিদ্যালয় চৌহদৰ পৰা ৰঙিয়া ৰে'লৱে জংচনলৈ পুৱা ৮.৩০ বজাত বিদ্যালয়খনৰ কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক -শিক্ষয়িত্ৰী সকলৰ অংশগ্ৰহণেৰে 'একতা দৌৰ' উলিওৱা হয়।

অধ্যক্ষ শেষানুজ সৰকাৰে একতা দৌৰৰ শুভাৰম্ভ কৰি দেশৰ ঐক্য, সংহতি ৰক্ষা তথা এখন শক্তিশালী ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত চৰ্দাৰ বল্লভভাই ভূমিকাক উচ্চ প্ৰশংসা কৰে। ইয়াৰ পূৰ্বে বিদ্যালয়খনৰ মৰ্ণিং এচেমব্লিত সপ্তম শ্ৰেণীৰ ছাত্ৰী ছুমাইয়া শ্ববনমে ৰাষ্ট্ৰীয় একতা দিৱসৰ গুৰুত্ব আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ ভূমিকাৰ ওপৰত বক্তৃতা প্ৰদান কৰে । আজিৰ সমূহীয়া একতা দৌৰৰ নেতৃত্ব প্ৰদান কৰে ক্ৰীড়া শিক্ষক তফিকুল ইছলামে ।

Also Read: জামুগুৰিহাটত বিদ্যালয় পৰিচালনা কমিটিৰ দুদিনীয়া প্ৰশিক্ষণ শিবিৰ...

rangiya KV rangiya KV school