ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপক ড° দিলীপ ডেকাৰ দেহাৱসান...

ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপক ড° দিলীপ ডেকাৰ দেহাৱসান...

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়া মহাবিদ্যালয় বাণিজ্য শাখাৰ প্ৰতিষ্ঠা কালৰ অধ্যাপক ড° দিলীপ কুমাৰ ডেকাৰ সোমবাৰে নিশা অকাল বিয়োগ ঘটে৷ ছাত্ৰ-ছাত্ৰী আৰু সহকৰ্মীৰ মাজত অতি জনপ্ৰিয় শিক্ষকজনে সদা হাস্যবদনে সকলো ন্যস্ত দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল৷

বৰ্তমানৰ বাক্সা জিলাৰ মুছলপুৰত ১৯৬৮ চনত জন্ম লাভ কৰি বৰ্তমান ৰঙিয়াৰ স্থায়ী বাসিন্দা ড° ডেকাৰ মৃত্যুত সমগ্ৰ ৰঙিয়াত শোকৰ ছাঁ পেলায়।

ৰঙিয়া মহাবিদ্যালয় পৰিয়াল ব্যথিত৷ এজন প্ৰকৃত ভদ্ৰলোক হিচাপে তেখেতে সকলোকে ব্যৱহাৰৰ দ্বাৰা আকৰ্ষিত কৰিব পাৰিছিল৷ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত থকা অধ্যাপকগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী,পুত্ৰ আৰু কন্যাক এৰি থৈ যায়৷

ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপক ড° দিলীপ ডেকাৰ দেহাৱসান...
মহানগৰীৰ পানবজাৰত বিধ্বংসী অগ্নিকাণ্ডঃ জুইত জাহ গ'ল লক্ষাধিক টকাৰ সামগ্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in