হৰিনামৰ ধব্বনিৰে মুখৰিত ৰঙিয়াৰ বালিসত্ৰ সবাহ মহোৎসৱ

হৰিনামৰ ধব্বনিৰে মুখৰিত ৰঙিয়াৰ বালিসত্ৰ সবাহ মহোৎসৱ

author-image
Asomiya Pratidin
New Update
হৰিনামৰ ধব্বনিৰে মুখৰিত ৰঙিয়াৰ বালিসত্ৰ সবাহ মহোৎসৱ

ডিজিটেল সংবাদ, ৰঙিয়া: লানি নিছিগা ভক্তৰ শাৰী,হৰিনামৰ ধ্বনিৰে মাংগলিক পৰিৱেশ বিৰাজমান এতিয়া ৰঙিয়াৰ সমীপৱৰ্তী ঐতিহ্যমণ্ডিত বালিসত্ৰ সবাহ মহোৎসৱ। উল্লেখ্য যে শনিবাৰে দিনৰ ২ বজাত আৰম্ভ হোৱা আৰিয়া প্ৰজ্বলনৰ মুখ্য কাৰ্যসূচীৰ পিছতে সবাহ মহোৎসৱত অগণন ভক্তই মনোকামনা বিচাৰি প্ৰভু গোৱিন্দ চৰণত ভক্তিভাৱেৰে সেৱা আগবঢ়োৱা পৰিলক্ষিত হয় ।

Advertisment

হৰিদেৱ ক্ষেত্ৰত বালিসত্ৰ সৎসংগী সত্ৰৰ ৰাজহুৱা এই সবাহ মহোৎসৱ খনিত পুৱা সত্ৰস্থলীৰ দ্বাৰ,হৰিদেৱ ক্ষেত্ৰৰ মুখ্য দুৱাৰ উন্মোচনৰ পিছত পুৱা ১১ বজাত স্মৃতি তৰ্পণ কৰে বালিসত্ৰ সৎসংগী সত্ৰৰ জেষ্ঠ ভকত প্ৰাণেশ্বৰ কুমাৰে । তাৰপিছত পুৱা ১১.৩০ বজাত অতিথি গৃহৰ দ্বাৰ মুকলি কৰে । ইয়াৰ পিছত মহাপ্ৰভূ শ্ৰী শ্ৰী বংশী গোপালৰ বিগ্ৰহ দোলনত লৈ আৰোহণ কৰাৰ লগে লগে আৰিয়া প্ৰজ্বলনৰ কাৰ্যসূচী শুভাৰম্ভ হয়।

আৰিয়া প্ৰজ্বলন কাৰ্যসূচী শুভ উদ্বোধন কৰে বালিসত্ৰ সৎসংগী সত্ৰৰ সত্ৰাধিকাৰ ৰবীন্দ্ৰ নাথ গোস্বামীয়ে, তাৰপিছত প্ৰজ্বালক হিচাপে জি ও চি চীফ ৰাণা প্ৰতাপ কলিতা,সাংসদ ভূৱনেশ্বৰ কলিতা,সাংসদ কুইন ওজাকে ধৰি প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী, বিধায়ক ভৱেশ কলিতাৰ লগতে কেইবাগৰাকীও গণ্য মাণ্য ব্যক্তি উপস্থিত থাকে ।

আনহাতে এই আৰিয়া প্ৰজ্বলনৰ পিছত সন্ধিয়া ৫:৩১ বজাত সিধা বিতৰণ, আৰু উপবাসী ভক্তক সিধা বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। তাৰপিছত সন্ধিয়া ৭বজাত টোপধব্বনি প্ৰজ্বলনত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ যুৱনেতা দুলু আহমেদ, পিছত টোকাৰী গীতৰ অনুষ্ঠান আৰু ধৰ্মীয় শোভাযাত্ৰা কাৰ্যসূচী আৰম্ভ হয়, শোভাযাত্ৰা উদ্বোধনী কৰে সাংসদ দিলীপ শইকীয়াই ।

কাইলৈৰ পৰা বুধবাৰলৈ প্ৰভাত ফেৰী,ঊষা কীৰ্তন আৰু আয়তীসকলৰ নাম প্ৰসংগৰ লগতে নাগাৰা নামৰ উপৰিও কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পীৰ সংগীতানুষ্ঠানেৰে সবাহ মহোৎসৱ অনুষ্ঠিত হব বুলি সবাহ মহোৎসৱ পৰিচালনা সমিতিৰ পৰা জানিবলৈ দিয়ে ।

Also Read: গুৱাহাটীত ৰাহুল গান্ধীয়ে কৰিব নোৱাৰিব ন্যায় যাত্ৰা, সম্বোধন কৰিব নোৱাৰিব সংবাদ মেল