ৰঙিয়াত অগপৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা...

ৰঙিয়াত অগপৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা...

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত অগপৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা...

ডিজিটেল সংবাদ, ৰঙিয়াঃ অসম গণ পৰিষদ ৰঙিয়া সমষ্টি সমিতিৰ আজি অনুষ্ঠিত হোৱা বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।‌ ৰঙিয়াৰ প্ৰগতি সংঘত অনুষ্ঠিত হোৱা সভাত অগপ ৰঙিয়া সমষ্টি সমিতিৰ তত্বাৱধায়ক তথা অগপ দলৰ সাধাৰণ সম্পাদক সুনীল ডেকা উপস্থিত থাকে।

Advertisment

উল্লেখ্য যে এই সভাত ৰঙিয়াৰ অগপৰ সাংগঠনিক ভেটি আৰু কাৰ্যপন্থাৰ ওপৰত বিশদভাৱে আলোচনা হয়। ইফালে এই সভাত ৰঙিয়াৰ প্ৰায় ২০০ৰো অধিক কৰ্মী তথা লোকে অংশ লয়। আনহাতে আজিৰ সভাত অগপৰ কেন্দ্ৰীয় সম্পাদক অৰ্ণৱ ভৰালী, ৰঙিয়াৰ সভাপতি লীলাধৰ শালৈ, ভূৱনেশ্বৰ কলিতাৰ উপৰিও অগপৰ মহিলা পৰিষদৰ কেইবাগৰাকীও নেতৃবৃন্দই উপস্থিত থাকে।

ৰঙিয়া