ৰঙিয়া মহাবিদ্যালয়ত এবিভিপিৰ সহযোগত নৱাগত আদৰণি সভা...

ৰঙিয়া মহাবিদ্যালয়ত এবিভিপিৰ সহযোগত নৱাগত আদৰণি সভা...
Published on
Updated on

ডিজিটেল সংবাদ, ৰঙিয়াঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ৰঙিয়া শাখাৰ সহযোগত আজি ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত নৱাগত-নৱাগতাসকলক আদৰণি জনাবলৈ "জ্ঞানোদয়" শীৰ্ষক এখনি নৱাগত সভা অনুষ্ঠিত হয়।

নৱাগত আদৰণি সভা উপলক্ষে মহাবিদ্যালয় প্ৰাংগনত পুৱা ১০:৩০ বজাত পতাকা উত্তোলন কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ খগেন শৰ্মা, ১১ বজাত শ্বহীদ তৰ্পণ কৰে হেমেন দাসে আৰু তাৰপিছত সমবেত সংগীতেৰে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে নৱাগত আদৰণি সভা আৰম্ভণি কৰাৰ পিছতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ব্ৰজেন্দ্ৰ শইকীয়াই বন্তি প্ৰজ্বলন কৰে।

উল্লেখ্য যে মহাবিদ্যালয়ৰ নৱাগত সভাত অতিথি হিচাবে উপস্থিত থাকি এবিভিপিৰ যুটীয়া সম্পাদক সীমান্ত বৈশ্যই শিক্ষাৰ্থীসকলৰ আগত ছাত্ৰ শক্তিৰ বিষয়ত বক্তব্য দাঙি ধৰে। ইয়াৰ পিছতে মহাবিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ মাজত অসমীয়া সাজপাৰ পৰিধান প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিচাৰক হিচাপে উপস্থিত থাকে মহাবিদ্যালয়খনৰ সহাকাৰী অধ্যাপিকা হিমাজ্যোতি তালুকদাৰ আৰু অনামিকা কলিতাই অসমীয়া সাজপাৰ পৰিধান সম্পৰ্কত তাৎপৰ্যপূৰ্ণ বক্তব্য ৰাখি প্ৰতিযোগিতা খনি সুচাৰুৰূপে পৰিচালনা কৰে।

তাৰোপৰি এবিভিৰ সহযোগত মহাবিদ্যালয়ৰ জ্ঞানোদয় শীৰ্ষক এই সভাত আমন্ত্ৰিত জনপ্ৰিয় কণ্ঠশিল্পী গীতালী দেৱীয়ে সংগীত পৰিবেশন কৰে। ইফালে নৱাগত আদৰণি সভাৰ অনুষ্ঠানত গান গোৱা, দলীয় নৃত্যকে ধৰি বিভিন্ন প্ৰতিযোগিতা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। শেষত জিন্টু নীল কাশ্যপৰ গীতৰ শৰাইৰে নৱাগত আদৰণি সভাৰ সামৰণি পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in