বিদেশী চিনাক্তকৰণৰ ঐতিহাসিক ৰায়ক লৈ ৰঙিয়াত আছুৰ শ্ৰদ্ধাঞ্জলি...

বিদেশী চিনাক্তকৰণৰ ঐতিহাসিক ৰায়ক লৈ ৰঙিয়াত আছুৰ শ্ৰদ্ধাঞ্জলি...

author-image
Asomiya Pratidin
New Update
বিদেশী চিনাক্তকৰণৰ ঐতিহাসিক ৰায়ক লৈ ৰঙিয়াত আছুৰ শ্ৰদ্ধাঞ্জলি...

ডিজিটেল সংবাদ, ৰঙিয়াঃ উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ‌ অসমত বিদেশী চিনাক্তকৰণৰ ১৯৭১ ভিত্তিবৰ্ষৰ ঐতিহাসিক ৰায়ৰ লগে লগে আজি অসম আন্দোলনৰ ছহিদ সকলক সদৌ অসম ছাত্ৰ সন্থাৰ ৰঙিয়া আঞ্চলিক গোটে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আঞ্চলিক ছাত্ৰ সন্থাই সন্ধিয়া ৰঙিয়াৰ হাইৱে চকৰ ছহিদ বেদীত বন্তি প্ৰজ্বলন কৰি ছহিদ সকলৰ লগতে নিৰ্যাতিতসকললৈ গভীৰ শ্ৰদ্ধা জনায়। ইফালে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি আছুকৰ্মীসকলে বিদেশী সমস্যাৰ স্থায়ী সমাধান আৰু খিলঞ্জীয়াৰ ভৱিষ্যৎ সুৰক্ষিত নোহোৱালৈ ক্ষান্ত নাথাকো সংকল্প গ্ৰহণ কাৰ্যসূচী ৰূপায়ন কৰে।

আজিৰ এই শ্ৰদ্ধাঞ্জলি সময়ত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা শ্যামন্ত কলিতা,সভাপতি মৃন্ময় ডেকা, সম্পাদক নৱজ্যোতি কুমাৰকে কেইবাগৰাকীও আছুকৰ্মী, স্থানীয় ৰাইজে উপস্থিত থাকে।

বিদেশী চিনাক্তকৰণ