ৰঙাপৰাত সংঘটিত দুটাকৈ পথ দুৰ্ঘটনাত মহিলাসহ চাৰিজন আহত...

ৰঙাপৰাত যোৱা নিশা সংঘটিত দুটাকৈ পথ দুৰ্ঘটনাত  চাৰিজনকৈ লোক গুৰুতৰ ভাবে আহত হয় ৷  ভয়ংকৰ দুৰ্ঘটনাত ৰঙাপৰাৰ অৱসৰপ্ৰাপ্ত শিক্ষক অৰ্চিত ভট্টাচাৰ্য , দিপ্তী ভট্টাচাৰ্য

author-image
Asomiya Pratidin
New Update
ujuj

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ৰঙাপৰাত যোৱা নিশা সংঘটিত দুটাকৈ পথ দুৰ্ঘটনাত  চাৰিজনকৈ লোক গুৰুতৰ ভাবে আহত হয় ৷  ভয়ংকৰ দুৰ্ঘটনাত ৰঙাপৰাৰ অৱসৰপ্ৰাপ্ত শিক্ষক অৰ্চিত ভট্টাচাৰ্য , দিপ্তী ভট্টাচাৰ্য , ৰাজিন বৰাইক আৰু বলেশ্বৰ ৰায় নামৰ চাৰিজনকৈ লোক গুৰুত্বভাৱে  আহত হয় ৷  

নিশা তেজপুৰৰ পৰা ৰঙাপৰালৈ মটৰচাইকেলৰে  আহি থকা সময়ত নগাপথাৰৰ সন্মূখত এজন পথচাৰিক খুন্দা মৰাৰ ফলত ৰঙাপৰা বেংগলী এম ভি স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক অৰ্চিত ভট্টাচাৰ্য আৰু তেওঁৰ পত্নী দিপ্তী ভট্টাচাৰ্য্য গুৰুত্ব ভাৱে আহত হয় ৷  লগতে পথচাৰি ৰাজিন বৰাইক গুৰুত্ব ভাৱে আহত হয় ৷ আহত তিনিজনকে ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অনা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।  

উল্লেখ্য যে, ৰঙাপৰা বিন্দুকুৰি পথ চোৱাত থকা সংকেত বিহীল পথ গতিৰোধৰ বাবে পথ দুৰ্ঘটনাটি সংঘটিত হয় ৷  আনহাতে আন এক পথ দুৰ্ঘটনাত বলেশ্বৰ ৰায় নামৰ লোকজনক এখন অচিনাক্ত মটৰচাইকেলে খুন্দা মৰা ফলত গুৰুত্বভাৱে আহত হয় ৷

শোণিতপুৰ