/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/bihu.png)
ডিজিটেল সংবাদ, নগৰবেৰাঃ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ নগৰবেৰাত অহা ৩০ চ'ত ১ আৰু ২ বহাগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আঞ্চলিক ভিত্তিত ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। ইতিমধ্য এই উপলক্ষে যোৱা ২২ মাৰ্চ তাৰিখত সন্ধিয়া ৬ বজাত নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ স্থায়ী কাৰ্যালয় প্ৰাংগণত আগন্তুক নগৰবেৰা আঞ্চলিক ৰঙালী বিহু উদযাপন কৰাৰ উদ্দেশ্য বৃহত্তৰ নগৰবেৰাৰ বিভিন্ন অঞ্চলৰ পৰা অহা ৰাইজৰ উপস্থিতিত এখন সাধাৰণ সভা অনুষ্ঠিত হয়।
অভিৰাম কলিতাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত বিগত বৰ্ষৰ ৰঙালী বিহু উদযাপন সমিতিৰ হিচাপ-নিকাচ দাখিল কৰাৰ অন্তত আগন্তুক ৰঙালী বিহু উদযাপন কৰাৰ বাবে নতুনকৈ উদযাপন সমিতি গঠন কৰা হয়। সভাত ৰাইজৰ প্ৰস্তাৱ আৰু সমৰ্থন সাপেক্ষে যথাক্ৰমে অভিৰাম কলিতাক সভাপতি, পুৰ্ণ কলিতাক কাৰ্যকৰী সভাপতি, ধৰ্ম কলিতা, দীপক পাঠক আৰু যাদব চৌধুৰীক উপ-সভাপতি, মানিক কলিতাক মুখ্য সম্পাদক আৰু বিভিন্ন বিভাগত বিভিন্নজনক দায়িত্ব দি নগৰবেৰা আঞ্চলিক ৰঙালী বিহুৰ এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়। নগৰবেৰা আঞ্চলিক ৰঙালী বিহুৰ সমূহ কাৰ্য্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে।