/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/rangapara-bhungama-fade-df.jpg)
তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৰঙাজান গাঁও পঞ্চায়তৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত লাগিল অথন্তৰ। ভোটগ্ৰহণ কেন্দ্ৰটোত থকা ই ভি এমত য'তেই ভোট নিদিয়ক কিয়, জ্বলি উঠে পদুম ফুলৰ সংকেতৰ লাইট। ইয়াকে কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।
কিয় এনে হ'ল বুলি অভিযোগ তুলি ভোটগ্ৰহণ কেন্দ্ৰটোৰ নিৰ্বাচনী বিষয়াক জবাবদিহি কৰে স্থানীয় ৰাইজে। ৰাইজৰ অভিযোগৰ পাছতেই ভোটগ্ৰহণ কেন্দ্ৰটোৰ ই ভি এম সলনি কৰি দিয়াৰ বাবে সিদ্ধান্ত লোৱা হয়।
ৰঙাজানৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত গুদামঘাট মিৰিগাঁও স্কুলত থকা ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত হৈছিল এই অঘটন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us