নগাঁও সদৰ আৰক্ষী থানাত হাজিৰ প্ৰৱঞ্চনাৰ গোচৰৰ অভিযুক্ত ৰাণা পাগা…

নগাঁও সদৰ আৰক্ষী থানাত হাজিৰ প্ৰৱঞ্চনাৰ গোচৰৰ অভিযুক্ত ৰাণা পাগা…

author-image
asomiyapratidin
New Update
নগাঁও সদৰ আৰক্ষী থানাত হাজিৰ প্ৰৱঞ্চনাৰ গোচৰৰ অভিযুক্ত ৰাণা পাগা…

ডিজিটেল সংবাদ,নগাঁও : মাজুলীৰ গড়মূৰ থানাত এছ আই জোনমণি ৰাভা হাজিৰ হোৱাৰ বিপৰীতে ৰাণা পগাগ নগাঁও সদৰ আৰক্ষী থানাত হাজিৰ ৷ মাজুলীৰ পৰা ৰাণাক নগাঁও সদৰ থানালৈ আনে আৰক্ষীয়ে ৷ নগাঁৱৰ পৰা ঠগ , প্ৰবঞ্চনাৰ গোচৰত মাজুলী আৰক্ষীয়ে জিম্মাত লৈছিল ৰাণাক ৷ মাজুলীৰ পৰা ৰাণাক নগাঁৱলৈ অনাৰ পিছত স্বাস্থ্য পৰীক্ষা কৰা হৈছে ৷

ৰাণাৰ বিৰুদ্ধে প্ৰেমিকা এছ আই জোন মণি ৰাভাই এক গোচৰ দাখিল কৰিছিল ৷ প্ৰেমিক ৰাণা ঠগ,প্ৰবঞ্চক বুলি গোচৰ দিয়াৰ পিছত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ লগতে জব্দ কৰিছিল বিভিন্ন সামগ্ৰী ৷ এছ আই জোনমণিয়ে বিয়া হব লগা প্ৰেমিক প্ৰবঞ্চক বুলি জানিব পাৰি আইনৰ আওতাৰ মাজলৈ আনিছিল ৰাণা পগাগক ৷ এছ আই জোনমণিয়ে এই ঘটনাক লৈ বা লাভ কৰিছিল ৷

এছ আই জোনমণিয়ে লাভ কৰা এই বা বা বেছি সময়লৈকে নাথাকিল ৷ মহিলা আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে একাধিক ব্যৱসায়ীয়ে গোচৰ দিলে মাজুলীত ৷ অভিযোগ ৰাণা পগাগৰ লগত মিলি প্ৰবঞ্চনা কৰা ৷ নগাঁও সদৰ থানাৰ পৰা জোন মণিক বদলি কৰা হল কলিয়াবৰলৈ ৷ কলিয়াবৰত যোগদান কৰি এছ আই জোনমণিয়ে ললে ছুটি ৷ ইয়াৰ মাজতে বৃহস্পতি বাৰে জোনমণি মাজুলীৰ গড়মূৰ থানাত আৰু ৰাণা নগাঁও সদৰ থানাত ৷ ৰাণাক আৰক্ষীয়ে নগাঁও আদালতত হাজিৰ কৰাব ৷

আৰু পঢ়ক: বকোৰ সোনতলীত ভয়ংকৰ পথ দুৰ্ঘটনা…

nagaon assam Assam police