আজাদী কা অমৃত মহোৎসৱ উপলক্ষে সাংবাদিকক সম্বোধন কেন্দ্ৰীয় মন্ত্ৰীৰ…

আজাদী কা অমৃত মহোৎসৱ উপলক্ষে সাংবাদিকক সম্বোধন কেন্দ্ৰীয় মন্ত্ৰীৰ…

author-image
asomiyapratidin
New Update
আজাদী কা অমৃত মহোৎসৱ উপলক্ষে সাংবাদিকক সম্বোধন  কেন্দ্ৰীয় মন্ত্ৰীৰ…

ডিজিটেল সংবাদ,মঙলদৈ: আজাদী কা অমৃত মহোৎসৱ উপলক্ষে সাংবাদিকক সম্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ বৃহস্পতিবাৰে মঙলদৈত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৮ বছৰীয়া কাৰ্যকালত লোৱা আঁচনি সমুহৰ বিষয়ে এক সংবাদমেলত অৱগত কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

Advertisment

দৰং জিলাত ইথানল প্ৰস্তুতৰ এটা প্ৰজেক্ট কৰা হ'ব আৰু অসমৰ প্ৰতি খন চহৰতে গেছ লাইনৰ ব্যৱস্থাৰ সম্পৰ্কে সংবাদমেলত অৱগত কৰিলে ৰামেশ্বৰ তেলীয়ে ৷ মন্ত্ৰী গৰাকীয়ে কয় যে অতি সোনকালেই ৰাজ্য খনৰ প্ৰতিখন চহৰতেই ইন্ধন পাইপ লাইনৰ জৰিয়তে প্ৰতিঘৰ পৰিয়ালক যোগান ধৰা হ'ব।মঙলদৈতো এই ইন্ধন পাইপ লাইনৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰা হব।

সংবাদ মেলত দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে সকলোধৰণৰ সা-সুবিধাৰ ব্যৱস্থা কৰিলে জিলা খনলৈ পৰ্যটক আহিব আৰু জিলা খন উন্নয়নৰ দিশে গতি কৰাৰ সম্ভাৱনীয়তাৰ কথা ক'লে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷

আৰু পঢ়ক: পানীত পৰি মহিলাৰ সলিল সমাধি…

assam mangaldai