কাজিৰঙা পৰ্যটনৰ উত্তৰণৰ টিপচ দিলে ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে
ডিজিটেল সংবাদ, কাজিৰঙাঃ চাকৰি জীৱনৰ আজি শেষৰখন ৰাজহুৱা সভাত কাজিৰঙা পৰ্যটনৰ উত্তৰণৰ বিভিন্ন টিপচ দিলে কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে৷ দৃশ্য-শ্ৰাব্য মাধ্যমৰ যোগেদি কাজিৰঙা পৰ্যটনৰ স’তে পোনপটীয়াকৈ জড়িত থকা লোকসকলে কি কি কৰা উচিত সেই সম্বন্ধে বাস্তৱসন্মত বক্তব্য আগবঢ়ায় ৷
উল্লেখ্য যে অসম পৰ্যটনৰ কাজিৰঙাত অৱস্থিত উপ-সঞ্চালকৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ চূড়ান্ত উদাসীনতা স্বত্বেও আগন্তুক পৰ্যটন বৰ্ষটি সৰ্বাংগসুন্দৰ কৰাৰ স্বাৰ্থত দেওবাৰে কাজিৰঙা বনবিভাগে অনুষ্ঠিত কৰে এখন সভা ৷ কাজিৰঙা বনবিভাগৰ শতবৰ্ষ উদযাপন কক্ষত অনুষ্ঠিত সভাত টুৰিষ্ট গাইড সন্থা, কাজিৰঙা জীপ চাফাৰি সংস্থা, কাজিৰঙা হোটেল ব্যৱসায়ী সন্থা, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা আদিৰ লগতে বিভিন্ন ৰাইজে অংশগ্ৰহণ কৰে ৷
ৰাজহুৱা সভাখনিৰ আদৰণি ভাষণত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই কয় যে কাজিৰঙা পৰ্যটনক দীৰ্ঘদিন বহনক্ষম কৰি ৰাখিবলৈ পৰ্যটন উদ্যোগৰ সংস্কাৰ অতিকৈ প্ৰয়োজন ৷ ব্যাঘ্ৰ প্ৰকল্পৰ অধীনস্থ কাজিৰঙাত পৰ্যটন উদ্যোগৰ ক্ষেত্ৰত পালন কৰিবলগীয়া নীতি-নিয়মখিনি পালন কৰাটো অতিকৈ প্ৰয়োজন ৷
ইয়াৰ পাছতে পাৱাৰ পইণ্টৰ জৰিয়তে কাজিৰঙা পৰ্যটনৰ বাবে পালন কৰিবলগীয়া দায়বদ্ধতা সম্পৰ্কে অতি সুন্দৰ ব্যাখ্যা আগবঢ়ায় পূৱ-অসম বন্যপ্ৰাণী প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈয়ে ৷ তেওঁ কয়, কাজিৰঙা পৰ্যটনৰ উত্তৰণৰ বাবে কৰিবলগীয়া যথেষ্ট আছে ৷ আনহাতে, পৰ্যটকৰ বাবে নিয়মানুৱৰ্তিতাৰে চলা পৰ্যটন (systematic tourism) কৰিব পাৰিলে সৰ্বাংগসুন্দৰ হৈ উঠিব ৰাষ্ট্ৰীয় উদ্যান তথা ইয়াৰ পৰ্যটন৷
বন্যপ্ৰাণী প্ৰাধিকাৰী গগৈয়ে কয় যে আজিকালি চ’চিয়েল মেডিয়াৰ যুগত কাজিৰঙাৰ ক্ষেত্ৰত হৈ থকা সৰু সৰু যিকোনো ভুলে থাওকতে কাজিৰঙা পৰ্যটনলৈ বিপদ মাতি আনিব পাৰে৷ সেয়ে পৰ্যটন উদ্যোগটোৰ স’তে পোনপটীয়াকৈ জড়িত জীপ চাফাৰী, হাতী চাফাৰীৰ লোকসকল অধিক সচেতন হোৱাটো প্ৰয়োজন৷ লগতে কয় যে ৰাজপথতে পৰ্যটকৰ গাড়ী ৰখাই দাম-দৰ কৰি নিজৰ জীপচিত তুলিবলৈ বিগত বৰ্ষত বিভিন্নজনে চেষ্টা কৰাটোত সকলো লজ্জিত অনুভৱ কৰিছে৷ এয়া যাতে পৰৱৰ্তী সময়ত দুনাই হ’ব তাৰ বাবে সকলো সচেতন হোৱাটো প্ৰয়োজন৷
ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত গোপনে ধৰা পেলোৱা কাজিৰঙা পৰ্যটনৰ বাবে বিভিন্ন গৰ্হিত ছবি প্ৰদৰ্শন কৰি তেওঁ কয় যে এইবোৰ বিষয়ে পৰ্যটন উদ্যোগটোক বিপদত পেলাব পাৰে৷ আগন্তুক দিনত এইবোৰ সঠিককৈ কৰিব পাৰিলে ভাল৷ ইপিনে, অহা ৩০ জুনত চাকৰি জীৱনৰ পৰা অৱসৰ ল’বলগীয়া পূৱ-অসম বন্যপ্ৰাণী প্ৰাধিকাৰী গগৈক ট্যুৰিষ্ট গাইডৰ সকলৰ তৰফৰ পৰা আগন্তুক অৱসৰী জীৱনৰ বাবে অভিনন্দন পত্ৰ প্ৰদান কৰা হয়৷ কাজিৰঙা জীপ চাফাৰী সংস্থাৰ তৰফৰ পৰাও বিষয়াগৰাকীক অভিনন্দন জনোৱা হয়৷
বনবিভাগৰ কৰ্মচাৰী তৰুণ গগৈয়ে আঁত ধৰা অনুষ্ঠানত কাজিৰঙা জীপ চাফাৰী সংস্থাৰ তৰফৰ পৰা তুলসী বৰদলৈ, বিপ্লৱ ৰাজখোৱা, কাজিৰঙাৰ হোটেল এচ’ছিয়েছনৰ তৰফৰ পৰা ফটিক বৰা, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সভাপতি নীলপদ্ম শৰ্মা, কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি সাহা, জ্যেষ্ঠ সাংবাদিক স্বপন নাথ, ট্যুৰিষ্ট গাইডৰ তৰফৰ পৰা আবিদুৰ ৰহমান, ইমৰাণ আলি আদিয়ে বক্তব্য আগবঢ়ায় ৷ সকলোৱে আগন্তুক বৰ্ষত কাজিৰঙা পৰ্যটনত নতুনত্ব অনাৰ সমান্তৰালভাৱে কাজিৰঙাৰ মুখ্য কেন্দ্ৰস্থল চাফচিকুণ কৰি ৰখা, কাজিৰঙাৰ কাষৰীয়া এলেকাৰ ভ্ৰমণ, জল পৰ্যটন, কৃষি পৰ্যটন তথা আন আন পৰ্যটন ক্ষেত্ৰ মুকলি কৰা আদিত চৰকাৰী পক্ষৰ লগতে পৰ্যটন উদ্যোগৰ স’তে পোনপটীয়াকৈ জড়িত সকলক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনোৱা হয়৷