সততা-সংগ্ৰামৰ ৰাজনীতি কৰা প্ৰাক্তন মন্ত্ৰী ৰমণী বৰ্মন আৰু নাই...

সততা-সংগ্ৰামৰ ৰাজনীতি কৰা প্ৰাক্তন মন্ত্ৰী ৰমণী বৰ্মন আৰু নাই...

author-image
Asomiya Pratidin
New Update
সততা-সংগ্ৰামৰ ৰাজনীতি কৰা প্ৰাক্তন মন্ত্ৰী ৰমণী বৰ্মন আৰু নাই...

ডিজিটেল ডেস্কঃ প্রাক্তন শিক্ষামন্ত্রী ৰমণী বৰ্মন আৰু নাই। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল ৰমণী বৰ্মন। আজি শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান ৰাজনীতিবিদজনে। ১৯৭৮ চনত জনতা পার্টী চৰকাৰৰ মন্ত্ৰী আছিল ৰমনী বর্মন। ১৯৭৮ চনৰ জনতা পাৰ্টীৰ গোলাপ বৰবৰা নেতৃত্বাধীন অসম চৰকাৰৰ শিক্ষা আৰু গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী আছিল অধ্যাপক ৰমণী বৰ্মন।

Advertisment

সততা আৰু সংগ্ৰামৰ ৰাজনীতি কৰা ৰমণী বৰ্মন সেই প্ৰজন্মৰ শেষৰগৰাকী প্ৰতিনিধি। শেহতীয়াকৈ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ স্থানান্তৰৰ বিৰুদ্ধে প্ৰতিবাদী আন্দোলনতো অংশ লৈছিল বৰ্মনে। ‘হৃদয়ৰ সংলাপ’ নামৰ আত্মজীৱনীত বহু কথা লিপিবদ্ধ কৰা ৰমণী বৰ্মনলৈআগবঢ়োৱা হৈছিল জীৱন শিল্পী আদ্য শৰ্মা বঁটা।

প্ৰাক্তন মন্ত্ৰী ৰমণী বৰ্মন