/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/raksha-bandhan.jpg)
মানকাচৰ, ডিজিটেল সংবাদ : আজি পৱিত্ৰ ভাতৃত্বৰ দিন৷ ভগ্নীক আজীৱন সুৰক্ষা প্ৰদানৰ বাবে ভাতৃয়ে প্ৰতিশ্ৰুতি গ্ৰহণ কৰাৰ দিন ৷ শাওণ মাহৰ পূৰ্ণিমাৰ এই উৎসৱৰ উপলক্ষত দেশত সৃষ্টি হৈছে উখল-মাখল পৰিৱেশ ৷ অৱশ্যে এইবেলি দেশত দুদিনীয়াকৈ উদযাপিত হ'ব ৰাখী বন্ধন৷ কিয়নো এইবাৰ পৱিত্ৰ উৎসৱত ভদ্ৰাৰ ছাঁ পৰিব বুলি আশংকা কৰিছে জ্যোতিষীয়ে ৷ গতিকে জ্যোতিষশাস্ত্ৰৰ বিধান মানি চলাসকলে বৃহস্পতিবাৰেহে পালন কৰিব ৰাখী বন্ধন ৷ তদুপৰি ভগ্নীৰ হাতেৰে পৱিত্ৰ ৰাখী পিন্ধিবলৈ জ্যোতিষীয়ে বাছি দিছে নিৰ্দিষ্ট ক্ষণ ৷ আজি মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তত সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰ মানকাচৰ শাখাৰ অধীনত উলহ মালহেৰে ৰাখী বন্ধন উৎসৱ উদযাপন কৰা হয় । দেশৰ বিভিন্ন ৰাজ্যৰ পৰা দেশ সুৰক্ষাৰ বাবে সীমান্তত অত্যন্ত প্ৰহৰী হৈ কাম কৰা শতাধিক বি এছ এফ জোৱানক আজি ৰাখী পিন্ধোৱা হয় । সীমান্ত চেতনা মঞ্চৰ মহিলা সদস্য সকলে মানকাচৰ, কাকৰিপাৰা, সাহাপাৰা আৰু জোৰডাঙ্গা বি এছ কেম্পৰ জোৱান সকলক ৰাখী পিন্ধাই ৰাখী উৎসৱ পালন কৰে ।