সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে এজাহাৰ...

হাজো আৰক্ষী থানাত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে এজাহাৰ দাখিল  সদৌ গৰীয়া মৰীয়া যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক মইনুল হকে।হাজো আৰক্ষী থানাত ধুবুৰীৰ

author-image
Asomiya Pratidin
New Update
fff

ডিজিটেল ডেস্কঃ হাজো আৰক্ষী থানাত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে এজাহাৰ দাখিল  সদৌ গৰীয়া মৰীয়া যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক মইনুল হকে।

উল্লেখ্য যে, সংবাদ মাধ্যমৰ সন্মুখত সাংসদ হুছেইনে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অজ্ঞাত অপৰাধজনিত এটি ফাইল দেখুৱাই অসমৰ ৰাইজক বিভ্ৰান্ত কৰা বুলি অভিযোগ তুলিছে গৰীয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সম্পাদকগৰাকীয়ে।

ৰকিবুল হুছেইনে নিজৰ হাতত মজুত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অপৰাধ জড়িত তথ্য অতিশীঘ্ৰে সংশ্লিষ্ট সংস্থাক অৰ্পণ কৰাৰ দাবী জনাইছে মইনুল হকে। সংবাদ মাধ্যমৰ সন্মুখত এই কথা কৈ ৰকিবুল হুছেইনে সস্তীয়া ৰাজনীতি কৰিব বিচাৰিছে বুলিও অভিযোগ গৰীয়া মৰীয়া যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীৰ।

ৰকিবুল হুছেইন