"২০২৪ৰ নিৰ্বাচনত বিজেপিয়ে ১৪ আসনেই লাভ কৰিব"- ৰকিবুল হুছেইন...

কৰ্ণাটকত বিৰোধীক উফৰাই কংগ্ৰেছে ১৩৬ খন আসন লাভেৰে একক সমখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হ'ল । ৰাজ্যখনত বিজেপিক অধিক মাইলেজ দিবলৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
"২০২৪ৰ নিৰ্বাচনত বিজেপিয়ে ১৪ আসনেই লাভ কৰিব"- ৰকিবুল হুছেইন...

ডিজিটেল ডেস্কঃ কৰ্ণাটকত বিৰোধীক উফৰাই কংগ্ৰেছে ১৩৬ খন আসন লাভেৰে একক সমখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হ'ল । ৰাজ্যখনত বিজেপিক অধিক মাইলেজ দিবলৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

ৰাজনীতিত উত্তৰ পূবৰ চাণক্য খ্যাত হিমন্ত বিশ্ব শৰ্মাৰ ৰণনীতিয়েও ৰাজ্যখনত বিজেপিক ক্ষমতা অধিস্থিত কৰাত ব্যৰ্থ হ'ল । আৰু দক্ষিণ ভাৰত বিজেপিমুক্ত হ'ল । কৰ্ণাটকৰ ফলাফল দেখি বহুতেই ক'ব খুজিছে ২০২৪ৰ নিৰ্বাচন বিজেপিৰ বাবে সহজ নহ'ব ।

পিছে শনিবাৰৰ ফলাফল ঘোষণাৰ দিনটোতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনী ফলাফলে ২০২৪ ৰ নিৰ্বাচনত প্ৰভাৱ নেপেলাই ।মুখ্যমন্ত্ৰীগৰাকীৰ এনে মন্তব্য়ৰ পিছতেই কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ২০২৪ৰ নিৰ্বাচনত বিজেপিয়ে ১৪ খন আসনেই পাব ।

যদিহে গেছৰ দাম ২০০ টকা কৰিব পাৰে , পেট্ৰল , ডিজিলৰ দাম কমাই দিব পাৰে । তদুপৰি মুখ্যমন্ত্ৰীগৰাকীক কটাক্ষ কৰি বিধায়কগৰাকীয়ে কয় যে ৰাজ্যত প্ৰতি বছৰত ২৫ লাখ চাকৰি নিযুক্তি দিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । এতিয়া এক লাখ চাকৰি দিবলৈও চৰকাৰৰ টনা-টনি হৈছে বুলি মন্তব্য প্ৰদান কৰিছে ।

তদুপৰি বিধায়ক ৰকিবুল হুছেইনে মন্তব্য কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে ২ কোটি নিযুক্তি দিয়াৰ প্ৰতিশ্ৰতি প্ৰদান কৰিছিল । তেওঁলোকৰ কথা আৰু কামৰ মাজত প্ৰভেদ আছে । বিজেপিয়ে ঋণ লৈ শেষ কৰাৰ কথাও বিধায়কগৰাকীয়ে মন্তব্য প্ৰদান কৰে ।

"২০২৪ৰ নিৰ্বাচনত বিজেপিয়ে ১৪ আসনেই লাভ কৰিব"- ৰকিবুল হুছেইন...
আজি মাতৃ দিৱস...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in