মুছলপুৰত খাম আৰু দখনা বিতৰন বিটিআৰৰ কার্যবাহী সদস্য ৰাকেশ ব্রহ্মৰ…

মুছলপুৰত খাম আৰু দখনা বিতৰন বিটিআৰৰ কার্যবাহী সদস্য ৰাকেশ ব্রহ্মৰ…

author-image
asomiyapratidin
New Update
মুছলপুৰত খাম আৰু দখনা বিতৰন বিটিআৰৰ কার্যবাহী সদস্য ৰাকেশ ব্রহ্মৰ…

ডিজিটেল সংবাদ,বাক্সা: বিটিআৰৰ পাঁচ খন জিলাৰ চাৰি হাজাৰ শিক্ষকক উচ্চ শিক্ষাৰ বাবে শীঘ্ৰেই নতুন দিল্লীত প্ৰদান কৰা হ'ব বিশেষ প্ৰশিক্ষণ।ইতিমধ্যে পাঁচ শ গৰাকী শিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে।বাকী আন শিক্ষককো নতুন দিল্লীলৈ পঠিওৱা হ'ব। এই মন্তব্য কৰে বিটিআৰৰ কার্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই।

Advertisment

বুধবাৰে বাক্সা জিলাৰ ভালুকদঙাত থকা ইউচিএলএৰ মছলপুৰ ব্লক সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত ৰংজালি বৈশাগু/ ৰঙালী বিহু উপলক্ষে দখনা,খাম আদি বিতৰণ অনুষ্ঠানত উপস্থিত থাকি বিটিআৰৰ কাৰ্যবাহী সদস্যজনে কয় যে শিক্ষাৰ ক্ষেত্ৰত বিটিচি পৰিষদীয় চৰকাৰখনে অধিক গুৰুত্ব দিব।

বিদ্যালয়ত ডিজিটেল পদ্ধতিৰে শিক্ষা দানৰ লগতে লেপটপ, কম্পিউটাৰ আদি প্ৰদান কৰি এক আদৰ্শ বিদ্যালয় গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰে। স্বাস্থ্যৰ ক্ষেত্ৰতো প্ৰতিতো খণ্ডত এটাকৈ স্বাস্থ্য এটিএমৰ ব্যৱস্থা কৰিব যাতে এই স্বাস্থ্য এটিএমৰ যোগেদি নিজকে ৰোগ নিৰিক্ষণ কৰিব পাৰে তাৰ বাবে এই ব্যৱস্থা কৰা হ'ব বুলিও মন্তব্য কৰে কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই।

এই অনুষ্ঠানতে ইউপিপিএলৰ মূল সমিতি, মহিলা সমিতি আৰু যুৱ সমিতিৰ বাৰখনকৈ প্ৰাথমিক সমিতিক খাম আৰু দখনা প্ৰদান কৰে কাৰ্যবাহী সদস্য জনে। আনহাতে এই অনুষ্ঠানতে তেওঁৰ দৰমহাৰ ধন পাঁচখন ধৰ্মীয় অনুষ্ঠানলৈ বৰঙনি আগবঢ়ায়। এই সভাত দলৰ টিচিএলচিচিৰ অধ্যক্ষ মনেশ্বৰ বসুমতাৰী, মুছলপুৰ ব্লক সমিতিৰ সভাপতি বাপন বসুমতাৰীৰ লগতে বহু নেতা কৰ্মী উপস্থিত থাকে।

আৰু পঢ়ক: উৰিয়ামঘাটত গেছ পৰিবাহী পাইপৰ পৰা নিৰ্গত গেছ…

assam bihu baksa