কাজিৰঙাত ৰাজ্যসভাৰ উচ্চস্তৰীয় সমিতিৰ বৈঠক...

দেওবাৰে সাংসদ ৰামগোপাল যাদৱৰ নেতৃত্বত ন-জনীয়া ৰাজ্যসভাৰ উচ্চস্তৰীয় সমিতি উপস্থিত হয় কাজিৰঙাত..
কাজিৰঙাত ৰাজ্যসভাৰ উচ্চস্তৰীয় সমিতিৰ বৈঠক...

ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙাত ৰাজ্যসভাৰ উচ্চস্তৰীয় সমিতি ৷ দেওবাৰে সাংসদ ৰামগোপাল যাদৱৰ নেতৃত্বত ন-জনীয়া ৰাজ্যসভাৰ উচ্চস্তৰীয় সমিতি উপস্থিত হয় কাজিৰঙাত ৷ কাজিৰঙাৰ বন বিভাগৰ শতবৰ্ষ উদযাপন কেন্দ্ৰত স্থানীয় দল সংগঠন, প্ৰকৃতি প্ৰেমী তথা বিশিষ্ট ব্যক্তিৰ লগত আলোচনাত মিলিত হয় সমিটিখন ৷

অৱশ্যে সংবাদ মাধ্যমৰ আগত আলোচনাৰ বিষয়বস্তুৰ ওপৰত মন্তব্য দিয়াৰ পৰা বিৰত থাকিল উচ্চস্তৰীয় সাংসদ সমিতিখন ৷ জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া বাসিন্দাৰ অভাৱ-অভিযোগ আৰু উন্নয়নৰ ওপৰত মতামত গ্ৰহন কৰে সমিতিখনে ৷

উল্লেখ্য যে, উপস্থিত থকা সমিতিখনৰ সদস্য সাংসদ সকল হ'ল হেমৰাজ সিং, থাংজাচিয়াম পাইটে, নৰেন্দ্ৰ কুমাৰ, দাল সিং বিচেন, গুহৰাম আজগালি, কথা প্ৰভাকৰ ৰেড্ডি আৰু নিৰঞ্জন বিচি ।

কাজিৰঙাত ৰাজ্যসভাৰ উচ্চস্তৰীয় সমিতিৰ বৈঠক...
আন্তঃৰাষ্ট্ৰীয় চুইচ মাচাজ চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব কৰিব এগৰাকী অসমীয়াই...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in