New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr.jpg)
- বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যসভা নিৰ্বাচনৰ ভোটগণনা বিলম্ব হৈছে।
- মুখ্য নিৰ্বাচনী আয়ুক্তৰ সৈতে চলি আছে ভিডিঅ কনফাৰেন্স যোগে বৈঠক।
- কংগ্ৰেছে অভিযোগ তুলিছিল ৫ বিধায়কে মুকলিকৈ প্ৰদৰ্শন কৰিছিল বেলট পেপাৰ।
- সেই সকলৰ ভোট ৰাজ্যসভা নিৰ্বাচনৰ বিধি অনুসৰি নাকচ কৰিবলৈ দাবী তুলিছিল কংগ্ৰেছে।
- সেই সন্দৰ্ভত ৰাজ্যসভা নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়াৰ সৈতে চলি আছে দেশৰ মুখ্য় নিৰ্বাচন আয়ুক্তৰ বৈঠক।
- কংগ্ৰেছে অভিযোগ তোলা বিধায়ক কেইগৰাকী হ'ল- হিতেন্দ্ৰ নাথ গোস্বামী, গণেশ লিম্বু, শশীকান্ত, সঞ্জয় কিষাণ আৰু দুৰ্গা দাস বড়ো।
- এই অভিযোগৰ সন্দৰ্ভত আয়োগে ভোটগণনাৰ সময়ত ৰেকৰ্ডিং কৰা চিচিটিভি ফুটেজ পৰীক্ষা কৰিব।
- তাৰ পাছতহে তেওঁলোকৰ ভোট নাকচ কৰা, নকৰা সন্দৰ্ভত ল'ব সিদ্ধান্ত।
- সেয়েহে ৰাজ্যসভা নিৰ্বাচনৰ ভোটগণনাত বিলম্ব হৈছে।