/asomiyapratidin/media/media_files/2025/05/13/KEzOyXtE9xyZpFBTFRNx.jpg)
ডিজিটেল ডেস্কঃ প্রথমটো পঞ্চায়ত নির্বাচনত অংশগ্রহণ কৰিয়ে অসমৰ আঞ্চলিক ৰাজনৈতিক দল 'ৰাইজৰ দল'-এ চমকপ্রদ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে বুলি এক প্ৰেছ বিজ্ঞপ্তিত দলটোৱে প্ৰকাশ কৰিছে। মাত্র সীমিত সংখ্যক আসনত প্রতিদ্বন্দিতা কৰি দলটোৱে উজনি, নামনি, বৰাক উপত্যকা আৰু উত্তৰ অসম সকলোতে পঞ্চায়ত নির্বাচনত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বুলি দাবী কৰিছে।
দলটোৱে প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি ১২ মে’ৰ নিশালৈকে ৰাইজৰ দলে ৩ খন জিলা পৰিষদ, ১৯ টা আঞ্চলিক পঞ্চায়তৰ সদস্য পদ আৰু ২২৪ টা গাঁও পঞ্চায়তৰ সদস্য পদ দখল কৰিবলৈ সক্ষম হৈছে। আঞ্চলিক দলটোৱে এতিয়ালৈকে জয়লাভ কৰা ৩ খন জিলা পৰিষদৰ আসন হ'ল লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তর্গত পাভ জিলা পৰিষদ, দৰং জিলাৰ দলগাঁও বিধানসভা সমষ্টিৰ শ্যামতিলা অপৰিয়া জিলা পৰিষদ আক ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ ১৩ নং মহামায়া জিলা পৰিষদ।
এতিয়াও সকলো জিলা পৰিষদব ভোট গণনা শেষ হোৱা নাই বাবে দলটোৱে অধিক আসন লাভ কৰান সম্ভাবনাও নথকা নহয়। আনহাতে এই বাতৰি লিখাৰ পৰলৈকে ৰাইজৰ দলে অসমৰ বিভিন্ন জিলাত ১৯ খন আঞ্চলিক পঞ্চায়তৰ আসন দখল কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰে এখন ৰাইজৰ দলৰ সমর্থিত প্রার্থী।
ৰাইজৰ দলে ইতিমধ্যে জয়লাভ কৰা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনসমূহ হ'ল- ডিমৌ বিধানসভা সমষ্টিৰ অন্তর্গত ডিমৌ আঞ্চলিক পঞ্চায়তত পূর্ণানন্দ চেতিয়া, গোৱালপাৰা বিধানসভা সমষ্টিৰ অন্তর্গত ৰৌখোৱা-কলছাভাঙা আঞ্চলিক পঞ্চায়তত ৰেজাবুল হক, বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তর্গত উত্তৰ বইটামাৰী আঞ্চলিক পঞ্চায়তত জয়ধৰ নাগ, ধিং বিধানসভা সমষ্টিৰ অন্তর্গত হাতিমূৰীয়া আঞ্চলিক পঞ্চায়তত জোচনাৰা বেগম, জাৰামাৰী-লাঙ্গীয়া আঞ্চলিক পঞ্চায়তত মার্জিন আছিবা ফকিৰ আৰু তাঁতীকটা আঞ্চলিক পঞ্চায়তত চবনম জাহান, চেঙা বিধানসভা সমষ্টিৰ অন্তর্গত বৰমাৰা আঞ্চলিক পঞ্চায়তত নুৰজাহান খাতুন আৰু ৯৫ নং পালহাজী আজাদ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তত জয়নুদ্দিন আহমেদ, বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তর্গত ২ নং মাণিকপুৰত মহীধৰ ৰায়, নাওবৈচা বিধানসভা সমষ্টিৰ অন্তর্গত বি এম পি আঞ্চলিক পঞ্চায়তত আচফিয়া বেগম, গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তর্গত বৰকান্দা মাজপাৰা আঞ্চলিক পঞ্চায়তত ছাবিনা ইয়াছমিন, বীৰসিং জৰুৱা বিধানসভা সমষ্টিৰ অন্তর্গত দক্ষিণ বয়জেৰ আলগা আঞ্চলিক পঞ্চায়তত আব্দুল আৱাল মণ্ডল, লাহৰিঘাট বিধানসভা সমষ্টিৰ অন্তর্গত বৰচাপৰি গাঁও পঞ্চায়তত ফাৰজিনা আকতাৰা, আলগাপুৰ কাটলিচেৰা বিধানসভা সমষ্টিৰ অন্তর্গত মোহনপুৰ আঞ্চলিক পঞ্চায়তত আফ্রোজা ফাৰহাজ লস্কৰ, ধলছড়া আঞ্চলিক পঞ্চায়তত আকচাৰ উল্লা আৰু বাহাদুৰপুৰ আঞ্চলিক পঞ্চায়তত চমিনা আকতাৰ। চৌধুৰী, চিচিবৰ গাঁও বিধানসভা সমষ্টিৰ অন্তর্গত দক্ষিণ ধেমাজি আঞ্চলিক পঞ্চায়তত মনোৰঞ্জন বুঢ়াগোহাঁই, শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তর্গত দোলাকাষৰীয়া আঞ্চলিক পঞ্চায়তত জোনমণি আৰন্ধাৰা (ৰাইজৰ দলৰ সমর্থিত) আৰু জলেশ্বৰ বিধানসভা সমষ্টিৰ অন্তর্গত বাঁশবাৰী গাঁও পঞ্চায়তত নাৰ্গিছ চুলতানা।
তদুপৰি বাইজৰ দলে শিবসাগৰ বিধানসভা সমষ্টিৰ ৪৩ টা গাঁও পঞ্চায়তৰ ৱার্ডকে ধৰি সমগ্র অসমত ২২৪ টা গাঁও পঞ্চায়তৰ ৱাৰ্ডত জয়ী হ'বলৈ সক্ষম হৈছে। এক প্রেছ বিবৃতিৰ জৰিয়তে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু কার্যকৰী সভাপতি ক্রমে ভাস্কো ডি শইকীয়া, কৱীন্দ্র চেতিয়া ফুকনে কয় যে প্রথমটো পঞ্চায়ত নির্বাচনতে ৰাইজৰ দলৰ দৰে এটা নতুন আঞ্চলিক বাজনৈতিক দলে লাভ কৰা ফলাফল যথেষ্ট আশাপ্রদ বুলি ক'ব পাৰি। অসমৰ বিভিন্ন জিলা আৰু বিভিন্ন জনগোষ্ঠীৰ মাজত পঞ্চায়ত নির্বাচনৰ সফলতা লাভ কৰি আমি নিশ্চিত হৈছো যে অসমবাসী ৰাইজৰ প্রগতিশীল জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দলৰ প্রতি ক্রমাগতভাবে সমর্থন বৃদ্ধি পাইছে।
আমি তেনেই সীমিত আসনত নির্বাচনত প্রতিদ্বন্দিতা কৰিছিলো, ফলাফল বহুত ভাল নহ'লেও আমাৰ কাৰণে অতিকে উৎসাহজনক। সকলো ধর্ম আৰু জাতি-জনগোষ্ঠীৰ মানুহে আমাক আদৰি লোৱাত আমি অতিকৈ আনন্দিত। কেৱল শিৱসাগৰ বিধানসভা সমষ্টিতহে আশা কৰা ফল পোৱা নগ'ল।
মূলতঃ কংগ্রেছ দলে সকলো আসনতে প্রতিদ্বন্দিতা কৰা বাবে ভোট বিভক্ত হ'ল। ৰাইজৰ দল নিশ্চিত যে বিৰোধী দলসমূহে ঐক্যবদ্ধভাবে পঞ্চায়ত নির্বাচনত অবতীর্ণ হোৱা হ'লে সাম্প্রদায়িক ফেচিবাদী বিজেপি আৰু তেওঁলোকৰ মিত্রগোষ্ঠীক আমি প্রতিৰোধ কৰিব পাৰিলোহেতেন। বিভক্ত বিৰোধী দলসমূহৰ ফলাফল লক্ষ্য কবি সকলো বিৰোধী দলে ২০২৬ চনৰ অসম বিধানসভা নির্বাচনৰ কাৰণে ঐক্যবদ্ধভাবে প্রতিদ্বন্দিতা কৰাৰ সংকল্প গ্রহণ কৰিব বুলি ৰাইজৰ দলে বিবৃতিটোত আশা প্রকাশ কৰে।