অসমীয়া চলচ্চিত্ৰৰ বিশিষ্ট সংগীত পৰিচালক ৰাজেশ্বৰ বৰদলৈ আৰু নাই

অসমীয়া চলচ্চিত্ৰৰ বিশিষ্ট সংগীত পৰিচালক ৰাজেশ্বৰ বৰদলৈ আৰু নাই

author-image
asomiyapratidin
New Update
অসমীয়া চলচ্চিত্ৰৰ বিশিষ্ট সংগীত পৰিচালক ৰাজেশ্বৰ বৰদলৈ আৰু নাই

ডিজিটেল ডেস্ক: অসমীয়া চলচ্চিত্ৰৰ বিশিষ্ট সংগীত পৰিচালক ৰাজেশ্বৰ বৰদলৈ আৰু নাই । শুকুৰবাৰে দুপৰীয়া ২.৩০ বজাত মহানগৰীৰ ছাত্ৰীবাৰী খ্ৰীষ্টিয়ান হাস্পাতালত বৰদলৈৰ মৃত্যু হয় ।

Advertisment

প্ৰায় চাৰিদিন ধৰি বৰদলৈ চিকিৎসাধীন হৈ আছিল । ১৯৩৪ চনত জন্মগ্ৰহণ কৰা বৰদলৈয়ে বহুকেইখন অসমীয়া ছবিৰ সংগীত পৰিচালনা কৰিছিল । ১৯৫৮ চনত মুক্তিলাভ কৰা আনোৱাৰ হুছেইনৰ 'নতুন পৃথিৱী' নামৰ ছবিখনত মুকুল বৰুৱাৰ সৈতে যুটীয়াভাৱে সংগীত পৰিচালনা কৰা ৰাজেশ্বৰ বৰদলৈয়ে পিছলৈ ১৯৬৪ চনত মুক্তিপ্ৰাপ্ত 'তেজীমলা' ছবিখনত সংগীত পৰিচালনা কৰিছিল ।

অসম আন্দোলনৰ সময়ত ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত আনোৱাৰ হুছেইনৰে আন এখন জনপ্ৰিয় ছবি 'শ্ৰী শ্ৰী মা কামাখ্যা'ৰো সংগীত পৰিচালনা কৰিছিল ৰাজেশ্বৰ বৰদলৈয়ে । ২০০৭ চনত মুক্তিলাভ কৰা শিৱপ্ৰসাদ ঠাকুৰ পৰিচালিত তথা লণ্ডনত চিত্ৰগ্ৰহণ হোৱা প্ৰথমখন অসমীয়া ছবি 'অহিৰ ভৈৰৱ'তো সংগীত পৰিচালনা কৰিছিল ৰাজেশ্বৰ বৰদলৈয়ে ।

তদুপৰি গৌৰী বৰ্মনৰ মুক্তি নোপোৱা আন এখন ছবিতো ( ব্ৰজেন বৰা আৰু ত্ৰিবেণী গোস্বামী অভিনীত ) সংগীত তেওঁ সংগীত পৰিচালনা কৰিছিল । এগৰাকী সুদক্ষ একৰডিয়ান আৰু পিয়ানো বাদক হিচাপেও সুনাম আছিল বৰদলৈৰ । বিশেষকৈ পশ্চিমীয়া সংগীতৰ ক্ষেত্ৰত তেওঁৰ যথেষ্ট দখল আছিল মৃত্যুৰ সময়ত ৰাজেশ্বৰ বৰদলৈৰ বয়স হৈছিল ৮৭ বছৰ ।

assam music