/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/68e4384b-b8b9-49bb-989e-e2d80ca83e63/98980160_150b_46b4_b4a6_cea11e516093.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ কৃষক মুক্তি সংগ্ৰাম সমিতি বৰহোলা আঞ্চলিকৰ বিঅচি লাইন সমিতিৰ সভাপতি ৰাজেশ নাগবংশীৰ আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি তিতাবৰ মহকুমা সমিতি আৰু বৰহোলা আঞ্চলিক সমিতিয়ে। প্ৰয়াত নেতা গৰাকীৰ বৰহোলা বাসগৃহত অনুষ্ঠিত আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি অনুষ্ঠিত স্মৃতিচাৰণ সভাত কৃষক মুক্তি সংগ্ৰাম সমিতি, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৰাইজৰ দল, কংগ্ৰেছৰ বিষয়ববীয়াৰ লগতে স্থানীয় ব্যক্তিসকলে অংশগ্ৰহণ কৰে।
তিতাবৰ মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক তপন ফুকনে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ স্মৃতিচাৰণ সভাত কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই বক্তব্য প্ৰদান কৰি কয় যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্ব চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি, মাটিৰ পট্টা, বৃহৎ নদীবান্ধ, কা বিৰোধী আন্দোলনকে ধৰি প্ৰতিটো আন্দোলনতে ওতঃপ্ৰোত ভাৱে জড়িত হোৱা এগৰাকী সক্ৰিয় সংগ্ৰামী আছিল ৰাজেশ নাগবংশী।
চাহ জনগোষ্ঠীৰ লোকসকলক বভিন্ন ৰাজনৈতিক দল সমূহে কেৱল ভোটৰ স্বাৰ্থত ব্যৱহাৰ কৰি তেওঁলোকৰ মৌলিক সমস্যাসমূহক আওকাণ কৰি অহা স্থিতিৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰি অঞ্চলটোৰ শ্ৰমজীৱি লোকসকলক ৰাজনৈতিকভাৱে শিক্ষিত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল । বাগিচাসমূহৰ শ্ৰমিকসকলক বাগিচা কৰ্তৃপক্ষই গোলামৰ দৰে কৰা ব্যৱহাৰকলৈ সদায় সৰব হৈ, শ্ৰমিকৰ প্ৰাপ্য আৰু আত্মসন্মানৰ বিষয়াটোকলৈ সজাগতা সৃষ্টি কৰিছিল। সভাত বক্তব্য প্ৰদান কৰি অৰিন্দম গগৈ, তপন ফুকনে কয় যে কমৰেড ৰাজেশ নাগবংশীৰ দৰে সক্ৰিয়, সাহসী , জন দৰদী নেতাৰ অকাল মৃত্যু কেৱল কৃষক মুক্তিৰ পৰিয়ালৰে নহয় সমগ্ৰ চাহ জনগোষ্ঠীৰ লগতে সামগ্ৰীক অসমীয়া সমাজৰ বাবে অপূৰণীয় ক্ষতি।
তেখেতৰ চিন্তা আৰু আদৰ্শক আমি বাস্তৱ ৰূপ দিম বুলিও সংকল্প লয়। আজি আদ্যশ্ৰাদ্ধ আৰু স্মৃতিচাৰণ সভাত অংশগ্ৰহণ কৰি বক্তব্য ৰাখে কৃষক মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক চফিকুল ৰহমান, কাৰ্যনিৰ্বাহক সদস্য অৰিন্দম গগৈ, যোৰহাট জিলাৰ সভাপতি প্ৰফুল্ল বৰা, তিতাবৰ মহকুমাৰ সম্পাদক তপন ফুকন, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দীপক ৰহি দাস, বিকী হাছান, জুনু নাগবংশী, মামনি নাগবংশী, ৰীতা নাগবংশী, ছাত্ৰ মুক্তিৰ ভৈৰৱ বৰা, ধনজিৎ বৈশ্য, ৰাইজৰ দলৰ তিতাবৰ সমষ্টিৰ নৰেন গগৈ, সপোন বৰা, যুৱ বাহিনীৰ সুব্ৰত দত্তকে বহু গণ্যমান্য বক্তি উপস্থিত থাকে।