Advertisment

নাইজেৰিয়াৰ ৰাজধানী আবুজালৈ আমন্ত্ৰিত ৰাজেন দাসৰ 'আইৰন গাৰ্লছ'

আফ্ৰিকা মহাদেশৰ নলিউড হিচাপে খ্যাত তথা ফেডাৰেল ৰিপাব্লিক অব্ নাইজিৰিয়াৰ ৰাজধানী চহৰ আবুজাত অনুষ্ঠিত হ'বলগীয়া ১৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত স্থান লাভ কৰিছে অধ্যাপক-পৰিচালক ৰাজেন দাসৰ দ্বাৰা পৰিচালিত “আইৰন গাৰ্লছ“-এ৷

author-image
Asomiya Pratidin
New Update
আইৰন গাৰ্লছ

ডিজিটেল সংবাদ পাটাছাৰকুছিঃ অসমীয়া চলচ্চিত্ৰ তথা অসমবাসীৰ বাবে এক শুভ খবৰ৷ আফ্ৰিকা মহাদেশৰ নলিউড হিচাপে খ্যাত তথা ফেডাৰেল ৰিপাব্লিক অব্ নাইজিৰিয়াৰ ৰাজধানী চহৰ আবুজাত অহা ১ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া ১৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত স্থান লাভ কৰিছে অধ্যাপক-পৰিচালক ৰাজেন দাসৰ দ্বাৰা পৰিচালিত “আইৰন গাৰ্লছ“-এ৷

Advertisment

নাইজেৰিয়ান সংযুক্ত চৰকাৰৰ কেন্দ্ৰীয় তথ্য আৰু সাংস্কৃতিক মন্ত্ৰালয় তথা নাইজেৰিয়ান চলচ্চিত্ৰ নিগমৰ দ্বাৰা আয়োজিত আফ্ৰিকা মহাদেশৰ এই সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ এইবাৰৰ  মূল বিষয় হ'ব “ডিজিটেল নৱজাগৰনঃ ভবিষ্যতৰ আহ্বান“৷ ইতিমধ্যেই “আইৰন গাৰ্লছ“ৰ পৰিচালক ৰাজেন দাসলৈ চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণৰ বাবে তথা “আইৰন গাৰ্লছ“ৰ প্ৰদৰ্শন (Screening) ৰ বাবে নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে৷

২ ডিচেম্বৰত নাইজেৰিয়াৰ ৰাজধানী চহৰ আবুজাৰ বিখ্যাত চিলভাৰ বাৰ্ড মাল্টিপ্লেক্স চিনেমাগৃহত “আইৰন গাৰ্লছ“ প্ৰদৰ্শিত হ'ব৷ আনহাতে বিভিন্ন ৰাষ্ট্ৰৰ চলচ্চিত্ৰ পৰিচালকৰ সন্মুখত “ডিজিটেল নৱজাগৰণ“ বিষয়ক শীৰ্ষ সন্মিলনত ভাষণ প্ৰদান কৰিব ফেডাৰেল ৰিপাব্লিক অব্ নাইজেৰিয়াৰ উপৰাষ্ট্ৰপতি কেশ্বিম শ্বেটিমাই৷

মহোৎসৱত উপস্থিত থাকিব ফেডাৰেল নাইজেৰিয়া ৰিপাব্লিকৰ আৰ্ট কালচাৰ আৰু ক্ৰিয়েটিভ ইক’নমি দপ্তৰৰ কেন্দ্ৰীয়মন্ত্ৰী বাৰ হানাটু মুছা মুছাৱা,কেন্দ্ৰীয় মন্ত্ৰী নাইচন ৱাইক আদিয়ে৷ এই মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ অহা ২৯ ডিচেম্বৰত পৰিচালক ৰাজেন দাসে নতুন দিল্লীৰ পৰা আবুজালৈ যাত্ৰা কৰিব৷

উল্লেখ্য যে নাইজেৰিয়াৰ কেন্দ্ৰীয় চৰকাৰে দেশৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিচিত পোন্ধৰ শতিকাৰ কীৰ্তিচিহ্ন “জুমা ৰ’ক“ৰ নামেৰে এই মহোৎসৱ “জুমা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ“ হিচাপে নামাংকিত কৰিছে আৰু এইবৰ্ষ হ’ল ১৪ সংখ্যক বৰ্ষ৷ এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহসৎসৱৰ সহযোগী হিচাপে নেটফ্লিক্স, আবুজা ফেডাৰেল কেপিটেল টেৰিট’ৰি গৱৰ্ণমেণ্ট,পান-আফ্ৰিকান ফিল্ম ডেভেলপমেণ্ট ফাউণ্ডেচন,গোৱেথি ইউনিভাৰ্চিটি,এয়াৰ পীচ এয়াৰলাইনছ, নাইজেৰিয়ান টেলিভিচন অথ’ৰিটি আদিয়ে অংশগ্ৰহণ কৰিছে৷

নাইজেৰিয়ান সংযুক্ত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী হানাটু মুছা মুছাৱা আৰু কেন্দ্ৰীয় চলচ্চিত্ৰ নিগমৰ সঞ্চালক ড° আলি নুহুৱে এক সংবাদমেলত সদৰি কৰি কয় যে, বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা ৩১২০ খন চলচ্চিত্ৰই এই মহোৎসৱৰ বাবে আবেদন কৰিছিল আৰু তাৰ মাজৰ পৰা কেন্দ্ৰীয় জুৰী ব'ৰ্ডে শ্ৰেষ্ঠ কেইখনমান চিনেমা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত কৰিছে৷ এই মহোৎসৱত আমেৰিকা,ফ্ৰান্স,ইৰান,স্পেইন,ভাৰত আদি বহু ৰাষ্ট্ৰৰ চলচ্চিত্ৰই অংশগ্ৰহণ কৰিব বুলি তেওঁলোকে সংবাদমেলত সদৰি কৰে৷

উল্লেখ্য যে পৰিচালক ৰাজেন দাসে অসমীয়া চলচ্চিত্ৰ “আইৰন গাৰ্লছ“ নিৰ্মাণ কৰিছে অসমৰ স্বৰ্ণিল লোককৃষ্টি ওজাপালি আৰু দেওধনীক বিষয় হিচাপে লৈ৷ এই চলচ্চিত্ৰত লোকশিল্পী পদ্মশ্ৰী দ্ৰোণ ভূঞাৰ জীৱন সংগ্ৰামক ওজাপালি দেওধনীৰ মাজেৰে আলোকপাত কৰা হৈছে৷

কাৰ্যতঃ বিশ্ব দৰ্শকৰ সন্মুখত আফ্ৰিকা মহাদেশৰ আবুজাত উদ্ভাষিত হ'ব অসমৰ স্বৰ্ণিল লোককলা ওজাপালি আৰু দেওধনী৷ উল্লেখ্য যে মিনাক্ষী দাসৰ সহকাৰী প্ৰযোজনাৰে 
’আইৰন গাৰ্লছ“ৰ পৰিচালনা ৰাজেন দাসৰ ৷

অভিনয় কৰিছে পদ্মশ্ৰী দ্ৰোণ ভূঞা,আশা বৰদলৈ,মৃদুল বৰুৱা,দিপান্বিতা দাস, তৰুণ আজাদ ডেকা, নৱাগত জেচমিন দাস, সীমা ডেকা, প্ৰিয়ংকা দাস,ময়ুৰী নাথ,প্ৰকাশ ঠাকুৰীয়া আদিয়ে৷চাউণ্ড ডিজাইন ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত দেৱজিৎ গায়ন, সংগীত সৌৰভ মহন্ত, সম্পাদনা ধীৰাজ মজুমদাৰ, চিনেমাটোগ্ৰাফী ৰাজেন দাস -জিন্টু কুমাৰ কাশ্যপ ,ডিআই শ্যামল দাস আৰু প্ৰডাকচন ডিজাইন কুলেন দাসৰ৷

বিদেশী ৰাষ্ট্ৰৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আয়োজিত এক সৰ্ববৃহৎ চলচ্চিত্ৰ মহোৎসৱত “আইৰন গাৰ্লছ“ৰ এই বিশ্বমুখী যাত্ৰা অসমৰ চলচ্চিত্ৰ উদ্যোগৰ বাবে এক অন্যতম গৌৰৱৰ খবৰ হিচাপে চিহ্নিত হৈছে৷এই সন্দৰ্ভত “আইৰন গাৰ্লছ“ৰ পৰিচালক তথা পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অধ্যাপক ৰাজেন দাসে কয় - “এয়া অসমৰ বাবে,অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক অত্যন্ত আশাৰ খবৰ৷ আফ্ৰিকা মহাদেশৰ সৰ্ববৃহৎ আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আয়োজিত চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণৰ আমন্ত্ৰণ লাভ কৰি আমি আইৰন গাৰ্লছ পৰিয়াল ধন্য হৈছো৷ অসমবাসীৰ আশীৰ্বাদ লৈ মই এই মহোৎসৱত অংশগ্ৰহণ কৰিম৷

তেওঁ কয়, বিশ্বৰ গুণী জ্ঞানী চলচ্চিত্ৰ নিৰ্মাতাক লগ পাম৷ মই অসমৰ লোককৃষ্টিৰ গৌৰৱগাথাঁ সঠিকভাৱে এই মহোৎসৱত জিলিকাই তুলিবলৈ প্ৰয়াস কৰিম৷ মই এই সাফল্যৰ বাবে অসমৰ ৰাইজ,চিপাঝাৰ-মংগলদৈবাসী ৰাইজ তথা মোৰ ওপজা গাওঁ ভালুকী বজালীৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো।

চলচ্চিত্ৰ মহোৎসৱ অসমীয়া চিনেমা