/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/baa34440-e744-4840-bd7c-c54303ac93d7/wor.jpg)
ডিজিটেল ডেস্কঃ অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ৫ আগষ্ট পুৱা ৮.১৫ বজাত ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । সজাগতা সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/8126da01-f3d0-499d-8d5c-726d03d4b467/3d3c754c_a852_440f_af04_073f9f3d49b2.jpg)
ড° বুঢ়াগোহাঁয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিকত শাখা তথা বিষয়বোৰ কেনেকৈ নিৰ্বাচন কৰিব লাগে আৰু উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান , বাণিজ্য বা বৃত্তিমুখী (vocational) শাখাত শিক্ষা কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে শিক্ষাৰ্থীসকলে কিদৰে সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে সেই বিষয়ে বাখ্যা আগবঢ়ায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/e09ec880-1e25-42c2-b6e0-133eeb4698e4/fc84a2e7_5a07_4d97_a3e5_8fda7c2f096a.jpg)
লগতে আই.টি.আই.ৰ বিভিন্ন ট্রেড আৰু পলিটেকনিকৰ তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্রমৰ বিষয়েও আলোচনা কৰে । ড° বুঢ়াগোহাঁয়ে বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ প্রয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে ।
ড° বুঢ়াগোহাঁয়ে সভাখনত অংশগ্রহণ কৰা শিক্ষাৰ্থীসকলৰ বিভিন্ন প্রশ্নৰ উত্তৰ দিয়ে , লগতে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) বিনামূলীয়াকৈ আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে । তেওঁ বাতৰি কাকত পঢ়াৰ গুৰুত্বৰ বিষয়েও উল্লেখ কৰে। ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্রাপ্ত অধ্যক্ষ জয়ন্ত কুমাৰ পাটগিৰি আৰু অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ সহকাৰী অধ্যাপক হৰজিৎ দাস সভাখনত উপস্থিত থাকে।
Also Read: গোলাঘাটত নৃশংস কাণ্ডঃ স্বামীয়ে ঘপিয়াল শাহুসহ কেইবাজনক