গোলাঘাটত নৃশংস কাণ্ডঃ স্বামীয়ে ঘপিয়াল শাহুসহ কেইবাজনক

গোলাঘাটত নৃশংস কাণ্ডঃ স্বামীয়ে ঘপিয়াল শাহুসহ কেইবাজনক

author-image
Asomiya Pratidin
New Update
গোলাঘাটত নৃশংস কাণ্ডঃ স্বামীয়ে ঘপিয়াল শাহুসহ কেইবাজনক

ডিজিটেল সংবাদ, গোলাঘাট: গোলাঘাট চহৰৰ নিকটৱৰ্তী কমাৰবন্ধাত শুকুৰবাৰে নিশা এক ভয়ংকৰ কাণ্ড সংঘটিত হয়। কমাৰবন্ধাৰ বামুণ গাঁৱত মহেন্দ্ৰ শইকীয়া নামৰ এজন ব্যক্তিয়ে নিজৰ শাহু,পত্নীৰ ভাগিন আৰু ওচৰ চুবুৰীয়া এজন ব্যক্তিক দাৰে ঘপিয়াই হত্যাৰ প্ৰচেষ্টা চলোৱাৰ ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটোত অভিযুক্ত মহেন্দ্ৰ শইকীয়া নিজেও আহত হয় বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি দীৰ্ঘদিন ধৰি পত্নী ভাৰতী শইকীয়াৰ সৈতে কমাৰবন্ধাৰ ৰাইডঙ্গীয়া বামুণ গাঁৱৰ নিৱাসী মহেন্দ্ৰ শ‌‌ইকীয়াই কাজিয়াত লিপ্ত হৈ আহিছে। ঘৰুৱা অশান্তিৰ পৰা অতিষ্ঠ হৈ একে গাঁৱৰে নিজ বায়েকৰ ঘৰত আশ্ৰয় লৈ আছিল মহেন্দ্ৰ শ‌ইকীয়াৰ পত্নীয়ে।

বিগত কেইবাদিনো ধৰিমহেন্দ্ৰই পত্নীক ঘৰলৈ নিবলৈ চেষ্টা কৰিছিল যদিও সুৰাপায়ী স্বামীৰ ওপৰত বিশ্বাস হেৰুৱাই পেলোৱা ভাৰতীয়ে যাবলৈ মান্তি হোৱা নাছিল। তেওঁ মহেন্দ্ৰৰ পৰা পুনৰ কাজিয়া-পেচাল নকৰাৰ প্ৰতিশ্ৰুতি বিচাৰিছিল যদিও মহেন্দ্ৰই তেনে কোনো প্ৰতিশ্ৰুতি নিদিয়াত স্বামীৰ লগত যাবলৈ অমান্তি হৈছিল।

এই কথা সহিব নোৱাৰি শুকুৰবাৰে সন্ধিয়া এখন নগা দা লৈ অতৰ্কিতে পত্নীৰ বায়েকৰ ঘৰত প্ৰৱেশ কৰি নিজ শাহু ভনী শ‌ইকীয়া,ওচৰ চুবুৰীয়া বুল ৰাভা আৰু বাই শাহুৰ পুত্ৰ ৰিংকু বৰাক ডিঙি আৰু ভৰিৰ বিভিন্ন অংশত ঘপিয়াই আহত কৰে সুৰাপায়ী মহেন্দ্ৰ শ‌ইকীয়াই।

ঘটনাৰ বিষয়ে টলকিব‌ই নোৱাৰি ঘৰৰ ভিতৰৰ পৰা ওলাই আহে মহেন্দ্ৰৰ পত্নী আৰু বাই শাহু। ঘটনাস্থলীত আহি উপস্থিত হয় ওচৰ চুবুৰীয়া ৰাইজ। ততালিকে ৰাইজে মহেন্দ্ৰৰ হাতৰ পৰা দা খন কঢ়াৰ চেষ্টা কৰোতে মহেন্দ্ৰও আঘাত প্ৰাপ্ত হয়। শেষত ৰাইজে মহেন্দ্ৰক কাষৰে এজোপা গছত বান্ধি থয়‌ আৰু তিনি আহতক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে।

পাছত আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈ মহেন্দ্ৰক কৰায়ত্ত কৰাৰ লগতে আহত সকলক গোলাঘাট কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। পাছত শাহু ভনী শইকীয়া আৰূ চুবুৰীয়া বুল ৰাভাৰ অৱস্থা সংকট জনক হোৱাত তিনিওকে চিকিৎসকে যোৰহাটলৈ প্ৰেৰণ কৰে।

Also Read: ৮ আগষ্টৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব অৰুণাচল ৰঙ্গ মহোৎসৱ

Assam police