/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/60e098e6-1753-4101-bf9f-297c0d2a78f4/gfdgffg.jpg)
ডিজিটেল সংবাদ,বেকাজানঃ সহস্ৰাধিক ভকত বৈষ্ণৱ উপস্থিতিত বৈকুণ্ঠৰ ধামত পৰিণত হৈছে বৰহোলাৰ ৰজাবাৰী নৰোত্তম সমন্বয় ক্ষেত্ৰ। ৰজাবাৰী নৰোত্তম প্ৰাথমিক শাখাৰ আতিথ্যত দুদিনীয়াকৈ অনুষ্ঠিত হৈ যায় শ্ৰীমন্ত শংকৰদেৱ সংঘ বৰহোলা আঞ্চলিক শাখাৰ ৪৪ সংখ্যক বাৰ্ষিক অধিবেশন। এই অধিবেশনত অসম-নাগালেণ্ড সীমান্তৰ বিভিন্ন জাতি জনগোষ্ঠী , বৰ্ণ নিৰ্বিশেষে সহস্ৰাধিক ভকত বৈষ্ণৱৰ হৰিনামৰ ধবনিৰে মুখৰ হৈ পৰে।
এই উপলক্ষে পুৱা বৃক্ষৰোপন কৰে ঘণকান্ত চুতীয়াই আৰু পতাকা উত্তোলন কৰে সভাপতি মহেন্দ্ৰ নাথ শইকীয়াই। দহ বজাত পিছত বিভিন্ন প্ৰাথমিক শাখাৰ সহযোগত ভাগৱতসহ এক কিলোমিটাৰ জোৰা বিভিন্ন জাতি জনগোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।
ইয়াৰ পিছত দুপৰীয়া মহেন্দ্ৰ নাথ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি অধিবেশন উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ গুণিন্দ্ৰ নাথ দাসে। কণমানি শিল্পী আকাংক্ষা হাজৰিকাৰ বৰগীত পৰিবেশনেৰে মুকলি সভা শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে মুকলি সভাত শিশু বক্তা হিচাপে ভাষণ প্ৰদান কৰে হৰ্ষিতা গগৈয়ে আৰু নিদিষ্ট বক্তা হিচাপে ভাষণ দিয়ে শৰণ সদস্য অজিত বৰাই। মুখ্য অতিথি হিচাপে উপস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ সুশীল গগৈ, সম্পাদক নয়মণি শইকীয়া, মূলৰ সদস্য ডিম্বেশ্বৰ ফুকন, ভৃগু কুমাৰ সোণোৱাল, সাংবাদিক মণ্টুচ্ কোঁৱৰ, মুনমী লালিম, ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰী।
অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি নৰেন্দ্ৰ নাথ বৰা কয় - উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মৰ অনুষ্ঠান শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘ। গুৰুজনাই সাহিত্য, সংস্কৃতি, ভাষা, নাটক, চিত্রকলা, নামঘৰ, ভাওনা, শিক্ষা, সু- শৃংখল সমাজ জৰিয়তে যিমানখিনি অসমীয়া জাতিক দি গ'ল, পৃথিৱীৰ কোনো ধর্মগুৰুৱেই ইমান দিব পৰা নাই। আজি বৰহোলাৰ প্ৰায় ৪২-৪৩ খন প্রাথমিক শাখা নামঘৰেৰে গঠিত এখন বিশাল আঞ্চলিক শাখাই গুৰু জনাৰ আদৰ্শ আৰু সৃষ্টিৰাজীৰ গুৰুত্ব আৰু ইয়াৰ সন্মান ৰক্ষাৰ অৰ্থে, নৰোত্তম প্রাথমিক শাখাই এই বাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰিছে।
গুৰুজনাই দেখিই যোৱা এখন সুস্থ-সবল সমাজ গঢ়িবলৈ হ'লে আমাক তিনিটা বস্তুৰ অতি প্রয়োজন। সেই কেইটা হৈছে- Society, Friendship and Love অর্থাৎ সমাজ, বন্ধুত্ব আৰু প্রেমভাৱ আমি লাগিবই। এয়া আমাৰ প্ৰধান কৰ্তব্য বুলি ভাবো। আজি নৰোত্তম প্রাথমিক শাখাত হোৱা উদুলি-মুদুলি পৰিবেশে তাৰেই সমন্বয়ৰ নিদর্শন দাঙি ধৰিছে। আমাৰ নৰোত্তম প্রাথমিক শাখাত বর্তমান জাতি-জনজাতিকে আদি কৰি খ্রীষ্টিয়ান, মনিপুৰী আদি সংগী হৈ আছে। ভৱিষ্যতে আৰু অন্যান্য জাতি-উপজাতি সমন্বয়ৰে বৃহত্তৰ অসমীয়া জাতি গঢ়ি তুলিব পাৰিব।
উল্লেখযোগ্য যে প্ৰথম দিনা অধিবেশনৰ প্ৰতিনিধি শিবিৰ মুকলি কৰাৰ লগতে প্ৰাথমিক শাখাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। বাৰ্ষিক অধিবেশনৰ সৈতে সংগতি ৰাখি মহেশ গগৈৰ সম্পাদনা প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ ' নৰোত্তম ' উন্মোচন কৰে ডম্বৰুধৰ গগৈয়ে। অধিবেশনত বৰহোলাৰ অঞ্চলৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৪৪ খন প্ৰাথমিকৰ ভকত বৈষ্ণৱ অংশগ্ৰহণ কৰি নৰোত্তম ক্ষেত্ৰক দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰি তোলে।
Also Read: ৰাম মন্দিৰঃ মাত্ৰ ৮৪ ছেকেণ্ড, কেতিয়া হ'ব অভিজিৎ ক্ষণ? জানক সৱিশেষ
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us