ভূত বাংলা লৈ পৰিণত লামডিঙৰ ৰেলৱে আবাসগৃহ

ভূত বাংলা লৈ পৰিণত লামডিঙৰ ৰেলৱে আবাসগৃহ

author-image
asomiyapratidin
New Update
ভূত বাংলা লৈ পৰিণত লামডিঙৰ ৰেলৱে আবাসগৃহ

ডিজিটেল সংবাদ, লামডিং: লামডিঙত উন্নতিৰ নামত চলিছে ভেকোঁভাওনা ৷ কি ৰেলৱে গড়কপ্তানি বিভাগ কি ৰেলৱে স্বাস্থ্য বিভাগ সকলোতে দেখা পাব কেৱল দুৰ্নীতিৰাজ ৷ এফালে যদি ৰেলৱে কলনীৰ নলা নৰ্দমাৰ দুগৰ্ম অৱস্থা আনফালে আকৌ ৰেলৱে আবাসগৃহৰ পয়ালগা ছবি ৷

Advertisment

ৰেল বিভাগৰ অতি গুৰুত্বপূৰ্ণ বিভাগ স্বাস্থ্য বিভাগ চমুকৈ মেলেৰিয়া বিভাগৰ কৰ্তৃপক্ষৰ সময় নাই নৰ্দমাসমূহ পৰিষ্কাৰ কৰিবলৈ৷ বহুবাৰ ৰেল কৰ্মী সকলে আবাসগৃহত থকা নলা নৰ্দমা সমূহ পৰিষ্কাৰ পৰিচন্ন কৰাৰ বাবে অভিযোগ দাখিল কৰে যদিও এই বিভাগৰ কৰ্তৃপক্ষৰ গা নলৰে সহজে ৷

আনফালে ৰেলৱে গড়কপ্তানি বিভাগ অধীনত থকা লামডিঙত ৰেলৱে কলনীৰ আৱাসগৃহ সমূহ জৰাজীৰ্ন অৱস্থালৈ পৰিগনিত হৈছে ৷ যি সময়ত ৰেল নগৰী লামডিঙ বুলি খ্যাত তেনেসময়ত ৰেলৱে গড়কপ্তানি বিভাগে একাংশ ঠিকাদাৰৰ দ্বাৰা আবাসগৃহ তথা ৰাস্তা পদুলী নিৰ্মানৰ দায়িত্ব অৰ্পন কৰিয়েই নিজৰ দায়িত্ব সামৰে ৷ ইয়াৰোপৰি কিছু কিছু ৰেলৱে কলনীত গৰাকীবিহীন পৰিত্যক্ত ৰেলৱে আবাসগৃহ সমূহ এতিয়া ভূত ঘৰলৈ পৰিণত হৈছে ৷

ইয়াৰোপৰি লামডিং নেতাজী ৰ'ড হৈ ইয়াডলৈ যাতায়ত কৰা পথছোৱাত ৰেল বিভাগে যি সুৰংগ নিৰ্মান কৰিছিল কিছু বছৰ পূৰ্ৱে সেই সুৰংগ এতিয়া ভৰি পৰিছে বৰষুণৰ পানীৰে ৷ প্ৰতিদিনে পথটোৰে যাতায়ত কৰা পথচাৰীসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ৷

একাংশ ঠিকাদাৰৰ অনিময়মৰ বাবে ৰেলকৰ্মী তথা সাধাৰণ লোকে জীয়াতু ভুগিছে ৷ উন্নয়নৰ নামত ৰেল বিভাগলৈ কোটি কোটি টকা আৱণ্টন হয় ঠিকে কিন্তু উন্নয়নৰ নামত অনিয়ম ৷ বৰ্তমান লামডিং ৰেলৱে মাণ্ডলিক কাৰ্যলয়ৰ অধীনত থকা ৰেল বিভাগৰ একাংশ বিভাগত এনেদৰেই চলিছে অৰাজকতা ৷ সাধাৰণ ৰেলকৰ্মীৰ সমস্যাৰ বিষয়ে নিৰৱ ভূমিকা অৱলম্বন কৰি আহিছে মাণ্ডলিক প্ৰৱন্ধক গৰাকীয়ে।

আৰু পঢ়ক: জিলা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী অশ্বিনী বৰুৱাক চাকৰিৰ পৰা নিলম্বন

assam lumding