বিশ্বনাথত পুৱাই অঘটনঃ উজনিমুৱা ৰে'লে কাটিলে এজনৰ দেহ..

বিশ্বনাথত পুৱাই অঘটনঃ উজনিমুৱা ৰে'লে কাটিলে এজনৰ দেহ..

author-image
Asomiya Pratidin
New Update
বিশ্বনাথত পুৱাই অঘটনঃ উজনিমুৱা ৰে'লে কাটিলে এজনৰ দেহ..

বিশ্বনাথত পুৱাই অঘটনঃ উজনিমুৱা ৰে'লে কাটিলে এজনৰ দেহ..

ডিজিটেল ডেস্কঃ শনিবাৰে পুৱাই বিশ্বনাথত অঘটন। পুৱাই ৰে'লে কাটিলে এজন ব্যক্তিক।

জানিব পৰা মতে পুৱা প্ৰায় ৭-৩০ বজাত সংঘটিত হৈছে এই ঘটনা। বিহাৰ-ডিব্ৰুগড় উজনিমুৱা ৰে'লখনে কাটিলে ব্যক্তিজনক।

এই ঘটনাত নিহত ব্যক্তিজন বিশ্বনাথৰ বালিপুখুৰীৰ অজিত সোণোৱাল বুলি চিনাক্ত। অজিত সোণোৱালৰ মুণ্ড দেহৰ পৰা ছেদ হৈছে।

ঘটনাস্থলীত স্থানীয় ৰে'ল আৰক্ষী উপস্থিত হৈছে আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

Also Read: 'অহংকাৰী' গম্ভীৰক ইনষ্টাগ্ৰাম পোষ্টত শ্ৰীশান্তে কৰিলে আক্ৰমণ...

বিশ্বনাথ