খাগৰিজানত ৰাইজৰ উৎসৱ

নগাঁও জিলাৰ সদৰ শিক্ষা খণ্ডৰ অন্তৰ্গত মিলনপুৰ সমল কেন্দ্ৰৰ অন্তৰ্গত ৮খন বিদ্যালয় সহযোগত খাগৰিজান নিম্ন বুনিয়াদী বিদ্যালয়ত ১৫ ফেব্ৰুৱাৰীত দিন যোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰাইজৰ উৎসৱ ২০২৩ ।
খাগৰিজানত ৰাইজৰ উৎসৱ

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ সদৰ শিক্ষা খণ্ডৰ অন্তৰ্গত মিলনপুৰ সমল কেন্দ্ৰৰ অন্তৰ্গত ৮খন বিদ্যালয় সহযোগত খাগৰিজান নিম্ন বুনিয়াদী বিদ্যালয়ত ১৫ ফেব্ৰুৱাৰীত দিন যোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰাইজৰ উৎসৱ ২০২৩ । পুৱা এই উৎসৱৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি হজৰত আলীয়ে।

ইয়াৰ পিছতে বিদ্যালয় সমূহৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলে উলিওৱা বৰ্নাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই অঞ্চলটোৰ ৰাইজক আকৰ্ষিত কৰে। ইয়াৰ পিছতে মিলনপুৰ সমল কেন্দ্ৰৰ সমন্বয়ক মনালিছা বৰাই কৰা বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয় বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতা । বিদ্যালয় সমূহৰ ছাত্ৰ ছাত্ৰী তথা সমন্বয়ক মনালিছা বৰাই তৈয়াৰ কৰা শিকন সজুলি আৰু ন ন বিজ্ঞানৰ আৰ্হি ৰে প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে সাহিত্যিক ৰতিমোহন নাথে।

দিনৰ দুই বজাত আৰম্ভ হয় মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান।মুল সভা আৰম্ভ হোৱাৰ আগতে কানু লস্কৰৰ ৰচনা আৰু পৰিচালনাৰে বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলে বাল্য বিবাহৰ সজাগতাৰ ওপৰত এখনি নাট পৰিবেশন কৰে। মিলনপুৰ সমল কেন্দ্ৰৰ সমন্বয়ক মনালিছা বৰাই আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও সদৰ সমষ্টি ৰ বিধায়ক ৰূপক শৰ্মা, নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) প্ৰশান্ত বৰুৱা, নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিমোহন নাথ , সাংবাদিক জীতেন বৰকটকী।

স্থানীয় ৰাইজ আৰু ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীক লৈ অনুষ্ঠিত এই সভাখনত উপস্থিত থাকে পৌৰসভাৰ সভানেত্ৰী অম্বিকা মজুমদাৰ, বিদ্যালয়ৰ সমূহৰ উপ পৰিদৰ্শক দেৱেন চন্দ্ৰ লহকৰ,ডিপিঅ (সমাজ জড়িতকৰণ) প্ৰশান্ত কোঁৱৰ, প্ৰশান্তি বৰা।

আৰু পঢ়ক: কোন সঁচা, কোন মিছা! মাহে কাৰ পৰা ১৬ লাখকৈ লৈছিল সমুজ্জ্বল ভট্টাচাৰ্যই...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in