'অমৃত কাল'ত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বৃদ্ধি পালে- অখিল গগৈ

ইক'ন'মিক চার্ভে, অসমৰ উদ্ধৃতিৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ক'লে অসমত বর্তমান পঞ্জীভূত নিবনুৱাৰ সংখ্যা ৩২,৩৪,৭৩৮ জন
'অমৃত কাল'ত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বৃদ্ধি পালে- অখিল গগৈ

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিজেপি চৰকাৰৰ শাসনকালত অসমত ২০২২ চনত নিয়োগ বিনিময় কেন্দ্রত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা ৩২,৩৪,৭৩৮ জনলৈ বৃদ্ধি পালে। বিজেপিৰ শাসনকালতে নিবনুৱা বাড়িল ১২,৭১,৩৬২ জন। শিক্ষিত নিবনুৱাৰ সংখ্যাও এই চৰকাৰৰ দিনত ১৮,০৫,৪৪১ জনলৈ বৃদ্ধি পালে। আনহাতে ২০২২-২৩ বৰ্ষত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও সাংঘাতিকভাবে বৃদ্ধি পাইছে। এই বক্তব্য ৰাইজৰ দলৰ সভাপতি, শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈৰ।

বুধবাৰে অসম বিধানসভাৰ অধিৱেশনত অংশগ্রহণ কৰাৰ পূর্বে বিধায়ক অখিল গগৈয়ে বিধানসভা চৌহদত সাংবাদিকসকলক সম্বোধন কৰি কয় যে অসমত নিবনুৱাৰ সংখ্যা অভিলেখ সংখ্যক ৩২,৩৪,৭৩৮ জনলৈ বৃদ্ধি পাইছে। যোৱা ১২ ফেব্রুৱাৰীত অসম বাজেট ২০২৪-২৫ উত্থাপনৰ আগে আগে প্রকাশিত "অর্থনৈতিক সমীক্ষা, অসম ২০২৩-২৪"ৰ কপি প্রদর্শন কৰি সংবাদ মেলত অখিল গগৈয়ে কয় যে "অর্থনৈতিক সমীক্ষা, অসম ২০২৩-২৪"ৰ পৃষ্ঠা নং ২৫৯ অত দেখুওৱা অনুসৰি ২০২২ চনত অসমৰ সৰ্বমুঠ নিয়োগ বিনিময় কেন্দ্রৰ পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা হ'ল ৩২,৩৪,৭৩৮ জন।

সংবাদ মেলত অখিল গগৈয়ে একে উৎসৱ উদ্ধৃতিৰে কয়, অসমত বিজেপি শাসনলৈ অহাৰ সময়ত অর্থাৎ ২০১৭ চনত অসমত নিয়োগ বিনিময় কেন্দ্রত পঞ্জীভূত নিবনুৱা আছিল ১৯,৬৩,৩৭৬ জন। বিজেপিৰ শাসন কালত ৬ টা বছৰত, ২০২২ চনলৈ নিবনুৱাৰ সংখ্যা বৃদ্ধি হ'ল ১২,৭১,৩৬২ জন।

অখিল গগৈয়ে কয়, বিজেপিৰ ২০১৬ আৰু ২০২১ চনৰ নির্বাচনী ইস্তাহাৰৰ এটা প্রধান প্রতিশ্রুতি আছিল নিবনুৱা সমস্যাৰ সমাধান। কিন্তু বিজেপি শাসনৰ 'অমৃত কাল 'ত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিলে। কিন্তু দুর্ভাগ্যজনকভাৱে অসমত এতিয়া কোনেও নিবনুৱা সমস্যাৰ ওপৰত কথা নকয়, অসমৰ ৰাজনীতিত এতিয়া কেৱল হিন্দু-মুছলমানৰ আলোচনাহে হয়।

সংবাদ মেলত অখিল গগৈয়ে কয়- ২০২১ চনত অসমৰ সৰ্বমুঠ শিক্ষিত নিবনুৱাৰ সংখ্যা হ'ল ১৮,০৫,৪৪১ জন। ২০২০ চনত এই সংখ্যা আছিল ১৭,৪৬,৬৭১ জন। এবছৰতে শিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধি হ'ল ৫৮,৭৭০ জন, বৃদ্ধিৰ হাৰ ৩.৩%। ২০২২ চনত ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডত নিযুক্ত লোকৰ সংখ্যা ১১,০০,৩৫৫ জন, কিন্তু ২০২১ চনত এই সংখ্যা অধিক আছিল, সেই সংখ্যা হ'ল ১১,০৫,৪৪১ জন। ২০২১ ৰ পৰা ২০২২ চনলৈ এবছৰত ব্যক্তিগত খণ্ডত নিয়োগ কমিল ২০,৩২৩ জন। লগতে অখিল গগৈয়ে কয় যে বিজেপিয়ে অসমক দেশৰ দ্রুততম নিয়োগ সৃষ্টি কৰা ৰাজ্য কৰাৰ কথা ঘোষণা কৰিছিল। বিজেপি চৰকাৰে অসমক দ্রুততম নিয়োগ সৃষ্টি কৰা ৰাজ্য কৰিব নোৱাৰিলে, কিন্তু দ্রুততম নিবনুৱা বৃদ্ধি হোবা ৰাজ্যৰূপে প্রতিষ্ঠা হ'ল অসম।

আনহাতে একেখন সংবাদ মেলত বিধায়ক গগৈয়ে "অর্থনৈতিক সমীক্ষা, অসম ২০২৩-২৪"ৰ তথ্যব উদ্ধৃতিৰে কয় যে এই সমীক্ষাৰ পৃষ্ঠা নং ২৮৭ত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে অসমত দ্রুত গতিত বিদ্যালয় এৰা ছাত্র-ছাত্রীৰ সংখ্যা বৃদ্ধি হৈছে। নিম্ন প্রাথমিক বিদ্যালয়ত ২০২২-২৩ বৰ্ষত ড্রপ আউটৰ হাৰ ৮.৪৯%, অথচ তাৰ আগৰ বছৰ, ২০২১-২২ বৰ্ষত, হাৰ আছিল ৬.০২%। ২০১৮-১৯ বর্ষত ড্রপ আউটৰ হাৰ আছিল ৩.১% আৰু ২০১৯-২০ অত নিম্ন প্রাথমিক বিদ্যালয়ৰ ছাত্র-ছাত্রীৰ বিদ্যালয় এৰাৰ হাৰ আছিল ৪.৩%। উচ্চ প্রাথমিক বিদ্যালয়ৰ আধাতে বিদ্যালয় এৰা ছাত্র-ছাত্রীৰ হাৰও বৃদ্ধি পাইছে। ২০২১-২২ বর্ষত উচ্চ প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ড্রপ আউট হাৰ আছিল ৮.৮১% আৰু ২০২২-২৩ বর্ষত ই বৃদ্ধি পাই হ'লগৈ ১০.৩৩%। বিজেপিৰ স্বঘোষিত 'অমৃত কাল'ত এনেকৈ প্রাথমিক বিদ্যালয়তে অসমৰ ছাত্র-ছাত্রীয়ে বিদ্যালয় ত্যাগ কৰিবলগীয়া হোৱা ঘটনাই বিজেপি চৰকাৰৰ শাসনৰ অন্ধকাৰ দিশটোকে উদঙাই দিয়ে বুলি সংবাদ মেলত উল্লেখ কৰা হয়।

'অমৃত কাল'ত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বৃদ্ধি পালে- অখিল গগৈ
সীমান্তত নিজৰ স্থিতিত অটল কৃষকঃ পঞ্চমবাৰৰ বাবে আলোচনা কৰিবলৈ সাজু চৰকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in