২০২৬ ত বঢ়মপুৰ সমষ্টি লাগে ৰাইজৰ দলক!

২০২৬ ত বঢ়মপুৰ সমষ্টি লাগে ৰাইজৰ দলক!

ডিজিটেল সংবাদ,কামপুৰঃ ২০২৪ ত কংগ্ৰেছৰ বাবে যোৰহাটেই নহয় আমি ১৪টা লোকসভা সমষ্টি এৰি দিছো কিন্তু ২০২৬ত কংগ্ৰেছে বঢ়মপুৰ ৰাইজৰ দলক এৰি দিব লাগিব- এই মন্তব্য ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু কৰ্ণধাৰ সমিতিৰ সদস্য গিৰিশংকৰ গোস্বামীৰ।

তেওঁ কয় যে, এইবাৰ কংগ্ৰেছেও ত্যাগ কৰিব লাগিব ৷ কাৰণ কংগ্ৰেছে বিগত ৭ টা নিৰ্বাচনত বঢ়মপুৰত পৰাজিত হৈছে ৷ ১৯৮৫ৰ পৰা ২০২১লৈ অনুষ্ঠিত প্ৰতিটো নিৰ্বাচনতে বঢ়মপুৰৰ ভোটাৰে কংগ্ৰেছৰ প্ৰাৰ্থীক প্ৰত্যাখান কৰিছে। গতিকে কংগ্ৰেছ নেতৃত্ব বঢ়মপুৰকলৈ আকোৰগোঁজহৈ থাকিলে নহ'ব৷

কামপুৰত সাংবাদিকৰে হোৱা বাৰ্তালাপত গোস্বামীয়ে কয় বিজেপি আৰএছএছক পৰাজিত কৰিবৰ বাবে বিৰোধী ৰাজনৈতিক দলবোৰ একত্ৰিত হ'বই লাগিব নহ'লে দেশত গণতন্ত্ৰ নাথাকিব ৷ নৰেন্দ্ৰ মোদী যদি তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হয় তেন্তে সলনি হ'ব দেশৰ সংবিধান আৰু এই কথা অখিল গগৈয়ে উপলব্ধি কৰিলে নহ'ব,ভূপেন বৰা, লুৰিণজ্যোতি গগৈ, ৰিপুন বৰা, ভৱেন চৌধুৰী সকলোৱে বুজি পাব লাগিব ৷

বিজেপিক পৰাজিত কৰিবলৈ হ'লে বিজেপিৰ জালত ভৰি দিব নালাগিব। আসনৰ ভাগ বতৰাকলৈ সংঘাতত লিপ্ত হ'লে লাভৱান হ'ব বিজেপি৷ ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৰাকীৰ স্পষ্ট মত কংগ্ৰেছৰ সংগঠন ১৪ টা লোকসভা সমষ্টিতে আন দলবোৰতকৈ শক্তিশালী ৷ কিন্তু কোনো এটা সমষ্টিতে আন ১৪ টা সহযোগী দলৰ সমৰ্থন অবিহনে কংগ্ৰেছ জয়ী হ'ব নোৱাৰে ।

গতিকে মিত্ৰতাৰ কথাবোৰ মৰ্যাদাপূৰ্ণ হোৱাটো ভাল ৷ ৩ ডিচেম্বৰৰ পাছত ভূপেন বৰাই আশা কৰাৰ দৰে দেশৰ ৰাজনীতিত কংগ্ৰেছৰ ছুনামি আহিলে ভাল কথা কিন্তু নাহিলে কি হ'ব? যোৱাবাৰো ৫ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত ৩খনতে কংগ্ৰেছ জয়ী হৈছিল কিন্তু লোকসভাৰ নিৰ্বাচনত এই তিনিখন ৰাজ্যতে কংগ্ৰেছৰ প্ৰদৰ্শন আছিল শোচনীয়৷

২০২৬ ত বঢ়মপুৰ সমষ্টি লাগে ৰাইজৰ দলক!
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ  সাংস্কৃতিক মহা সংগ্ৰাম  নামৰূপত  বুমেৰাঙত পৰিণত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in