কামপুৰ পৌৰসভাৰ বিৰুদ্ধে সৰৱ ৰাইজৰ দল

ৰাজনৈতিক দলটোয়ে একাধিক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি এক বিবৃতি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰিছে ।

author-image
Asomiya Pratidin
New Update
কামপুৰ পৌৰসভাৰ বিৰুদ্ধে সৰৱ  ৰাইজৰ দল

ডিজিটেল সংবাদ,নগাঁও : কামপুৰ পৌৰসভাৰ বিভিন্ন কৰ্মৰাজিৰ বিৰুদ্ধে সৰৱ ৰাইজৰ দল ৷ ৰাজনৈতিক দলটোয়ে একাধিক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি এক বিবৃতি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰিছে ।

Advertisment

কামপুৰ পৌৰসভাই অসম পৌৰ আইন ২০১২ৰ অধীনত কামপুৰ নগৰৰ বাসস্থান সমূহৰ পৰা কৰ সংগ্ৰহৰ ব্যৱস্থা কৰিছে। এই সন্দৰ্ভত ৰাইজৰ দলে প্ৰশ্ন কৰিছে- কামপুৰ পৌৰসভাই কামপুৰ নগৰত কোন খন আইনৰ অধীনত আৰু কি কি চৰ্তত গৃহ নিৰ্মাণৰ অনুমতি দিয়ে ? কামপুৰ নগৰত এনে স্থানতো দুই তিনি মহলীয়া গৃহ নিৰ্মাণ হৈছে য’ত জৰুৰীকালীন সময়ত অগ্নিনিৰ্বাপকৰ এখন গাড়ী যাৱ নোৱাৰে । অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱাৰা স্হানত কেনেকৈ পৌৰসভাই গৃহ নিৰ্মানৰ অনুমতি প্ৰদান কৰিছে বুলি ৰাজনৈতিক দলটোয়ে প্ৰশ্ন কৰিছে ।

কামপুৰ নগৰত থকা গাড়ী ষ্টেণ্ডৰ বৈধ্যতাক লৈ প্ৰশ্ন তুলিছে ৰাইজৰ দলে । পৌৰসভাৰ অনুমতি সাপেক্ষে নগৰখনত কিমাটা ষ্টেণ্ড আছে বুলি প্ৰশ্ন কৰিছে ৷ কামপুৰ পৌৰসভাই কামপুৰ নগৰত প্ৰৱেশ কৰা বিভিন্ন সামগ্ৰী কঢ়িওৱা গাড়ীৰ পৰা পাৰ্কিং মাচুল লয় ৷ পাৰ্কিং মাচুল লোৱা গাড়ী সমূহ ৰাস্তাত পাৰ্কিং কৰাৰ ফলত ব্যাপক যান-যটৰ সমস্যাৰ সৃষ্টি হয় ৷ এই মালবাহী গাড়ী সমূহ ৰাখিবৰ বাবে পৌৰসভাই কোনো ব্যৱস্থা কৰা নাই বুলি অভিযোগ উঠিছে ।

২০১৯-২০২০ বৰ্ষত কামপুৰ পৌৰসভালৈ নলা তথা পথ নিৰ্মাণৰ বাবে প্ৰায় পাঁচ কোটি টকা আৱন্টন হৈছিল । এই কামৰ ঠিকা আবন্টন দিয়াৰ ক্ষেত্ৰত অনিয়ম হোৱাৰ অভিযোগ উঠিছে ৷ লগতে কাম সম্পাদনৰ ক্ষেত্ৰতো অনিয়ম হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজৰ দলে ।

ৰাইজৰ দলৰ যুৱ সংগঠনৰ কেন্দ্ৰীয় উপ সভাপতি ভাস্কৰ বৰা ই কয় যে কামপুৰ পৌৰসভাত যিদৰে দুই এজন ৱাৰ্ড কমিচনাৰ স্থায়ী হৈ গৈছে সেইদৰে দুই এজন কামপুৰৰ বাহিৰৰ ঠিকাদাৰো স্থায়ী হৈ গৈছে । ৰাইজৰ দলে কামপুৰ পৌৰসভাৰ অনিয়মক লৈ সবল জনমত গঠন কৰি সমগ্ৰ দূৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লৱলৈ চৰকাৰক বাধ্য কৰিব বুলি বিবৃতিটোত উল্লেখ কৰিছে ৰাইজৰ দলৰ যুৱ সংগঠনৰ উপ সভাপতি ভাস্কৰ বৰাই ।

assam kampur