”নতুন ভাৰত চীনৰ ওপৰত নিৰ্ভৰশীল” দেশৰ বৃহৎ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিলে চীনে…

”নতুন ভাৰত চীনৰ ওপৰত নিৰ্ভৰশীল” দেশৰ বৃহৎ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিলে চীনে…

author-image
asomiyapratidin
New Update
”নতুন ভাৰত চীনৰ ওপৰত নিৰ্ভৰশীল” দেশৰ বৃহৎ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিলে চীনে…

ডিজিটেল ডেস্ক: "নতুন ভাৰত চীনৰ ওপৰত নিৰ্ভৰশীল" প্ৰধানমন্ত্ৰী মোদী তথা বিজেপি চৰকাৰক উদ্দেশ্য কৰি এই মন্তব্য কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

Advertisment

বুধবাৰে এটা টুইটৰ জৰিয়তে সমতাৰ প্ৰতিমূৰ্তি(statue of equality)ক লৈ কটাক্ষ মূলক মন্তব্য কৰে গান্ধীয়ে। তেওঁক কয় যে সমতাৰ প্ৰতিমূৰ্তি(statue of equality) চীনত নিৰ্মাণ কৰা হৈছে আৰু নতুন ভাৰত চীনৰ ওপৰত নিৰ্ভৰশীল।

উল্লেখ্য যে, ৫ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাইদৰাবাদত এই প্ৰতিমূৰ্তি উদ্বোধন কৰে। সমতাৰ প্ৰতিমূৰ্তি(statue of equality) ১১শতিকাৰ শ্ৰী ৰামানুজাচাৰ্যৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে।


— Rahul Gandhi (@RahulGandhi) February 9, 2022

ৰাহুল গান্ধীয়ে দাবী কৰা মতে প্ৰকল্পটোৰ ৱেবচাইটত উল্লেখ থকা অনুসৰি হাইদৰাবাদত নিৰ্মাণ হোৱা ২১৬ ফুট ওখ প্ৰতিমূৰ্তি চীনা কোম্পানীয়ে নিৰ্মাণ কৰিছে। যাৰ বাবে ২০১৫ চনত ১৩৫ কোটি টকাৰ ঠিকা চীনৰ 'এৰোচন কৰ্পাৰেচন'ক দিয়া হৈছিল। তাৰপিছতেই প্ৰায় ১৬০০ টুকুৰাত প্ৰতিমূৰ্তিটো ভাৰতলৈ অনা হৈছিল আৰু প্ৰায় ১৫ মাহৰ ভিতৰত প্ৰতিমূৰ্তিটো স্থাপন কৰা হৈছিল। এই প্ৰতিমাটো ভাৰতৰ সবাতোকৈ উচ্চ প্ৰতিমূৰ্তিৰ ভিতৰত অন্যতম।

উল্লেখ্য যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিদেশ নীতিৰো সমালোচনা কৰিছিল।গান্ধীৰ মতে মোদী চৰকাৰৰ বিদেশ নীতিয়ে চীন আৰু পাকিস্তানক একলগত আনিছে।

congress narendra modi bjp rahul gandhi