ৰহাত শিশু কৃষ্ণক কোলাত ল’লে প্ৰস্তুতি পৰাশৰে

ৰহাত শিশু কৃষ্ণক কোলাত ল’লে প্ৰস্তুতি পৰাশৰে

author-image
asomiyapratidin
New Update
ৰহাত শিশু কৃষ্ণক কোলাত ল’লে প্ৰস্তুতি পৰাশৰে

ডিজিটেেল সংবাদ, ৰহাঃ ৰহাত বিৰাজ কৰিছে উখল-মাখল পৰিবেশে। কিয়নো বৃহস্পতিবাৰৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে ৰহাত অনুষ্ঠিত হৈছে 'অকণিৰ কবিতা ঘৰ অসম'ৰ ৰূপালী জয়ন্তী মহোৎসৱ। শিশুৰ কলৰৱত পুৱাৰে পৰা মুখৰিত হৈ পৰিছে সমগ্ৰ ৰহা। পুৱা ২৫ গৰাকী শিশুৰ দ্বাৰা ২৫খন পতাকা উত্তোলনেৰে ৰূপালী জয়ন্তী সমাৰোহৰ পাতনি মেলা হয়। ইয়াৰ পিছতে গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে ৰহা পৌৰসভাৰ সভাপতি ধ্ৰুৱ দাসে।

ইয়াৰ পিছতে উলিওৱা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰা উদ্বোধন কৰে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। শোভাযাত্ৰা উদ্বোধন কৰি অভিনেত্ৰীগৰাকীয়ে শিশুসকলক দেখি অভিভুত হোৱা বুলি মন্তব্য কৰে। অভিনেত্ৰীগৰাকীয়ে শিশুসকলৰ লগত সমগ্ৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰি শিশু কৃষ্ণক কোলাত ল'লে।

ইয়াৰ পিচত ৰূপালী জয়ন্তী উপলক্ষে অকণিৰ কবিতা ঘৰে ৰহা নতুন চাৰিআলিত নিৰ্মাণ কৰা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে ৰহা চক্ৰ বিষয়া পল্লৱী কছাৰীয়ে।