ৰহাৰ সহস্ৰাধিক পৰিয়ালক বান সাহাৰ্য প্ৰদান স্বেচ্ছাসেৱী সংগঠনৰ

ৰহাৰ সহস্ৰাধিক পৰিয়ালক বান সাহাৰ্য প্ৰদান স্বেচ্ছাসেৱী সংগঠনৰ

author-image
asomiyapratidin
New Update
ৰহাৰ সহস্ৰাধিক পৰিয়ালক বান সাহাৰ্য প্ৰদান স্বেচ্ছাসেৱী সংগঠনৰ

ডিজিটেল সংবাদ,নগাঁও : সম্প্ৰতি ৰাজ্যৰ বিভিন্ন জিলাত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু এই বানপানীৰ কৱলত পৰি সাধাৰণ জনতা ককবকাই আছে। নগাঁও জিলাৰো বিভিন্ন প্ৰান্তত বানপানীয়ে ভয়ানক ৰূপ লৈছে। ফলত লক্ষ লক্ষ জনতা বানৰ কবলত পৰি বিলৈ‌ বিপত্তি নোহোৱা হৈছে।

Advertisment

এই দুৰ্গত লোক সকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে বিভিন্ন সংস্থা, সংগঠন, অনুষ্ঠান। ৰাজ্যৰ অগ্ৰনী ছেস্বাসেৱী সংস্থা নৰ্থ ইষ্ট চেন্টাৰ ফৰ ইকুইটি একচন অন ইন্ট্ৰিগেটেদ ডেভেলপমেন্ট চমুকৈ এনইএইডৰ {Northeast Centre For Equity Action On Integrated Development (NEAID)} উদ্যোগত নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰৰ কেইখনো গাঁৱত বান সাহাৰ্য প্ৰদান কৰা হয়।

যোৱা মঙলবাৰৰ পৰা ৰহাৰ বগৰিগুৰি, কাষৰিগাঁও, মোলান কটা, বাকৰিগাঁও আৰু আজি নাম গাঁৱত থকা বানাক্ৰান্ত ৰাইজৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হৈছে। এনইএইডৰ অধ্যক্ষ মিৰাজ আহমেদ আৰু নিলাদ্ৰী বৰাৰ নেতৃত্বত সংস্থাটোৰ নগাঁও-মৰিগাঁও জিলাৰ কৰ্মকৰ্তা সকলে এইদিনকেইটাত উপৰুক্ত গাঁও সমূহৰ হেজাৰ হেজাৰ বানাক্ৰান্ত পৰিয়ালৰ কাষলৈ গৈ ব্লিচিং পাউদাৰ, কাপোৰ ধোৱা চাবোন, গা ধোৱা চাবোন, কাপোৰ ধোৱা পাউদাৰ, টুখপেষ্ট, ব্ৰাছ, টাৱেল আদি বিভিন্ন সামগ্ৰীৰ টোপোলা বিতৰণ কৰে।

এই দুৰ্যোগৰ সময়ত সময়ত এনইএইডে বৰ্নাত্যৰ সহায়ৰ বাবে লোৱা তৎপৰতা তথা চেষ্টাৰ বাবে বানাক্ৰান্ত ৰাইজে শলাগ লয়। আগন্তুক দিনত মৰিগাঁও, ধেমাজি, লক্ষীমপুৰ আৰু কামৰূপ গ্ৰাম্য জিলাৰ বানাক্ৰান্ত ৰাইজো সাহাৰ্য্য কৰা হব বুলি এনইএইডৰ তৰফৰ পৰা জানিবলৈ দিছে।

আৰু পঢ়ক: চৰাইদেউৰ মথুৰাপুৰত চোৰ আটক…

nagaon raha assam