/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/777c7603-f7a8-4cc7-8ab7-462889dc5315/28.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : অনাতাঁৰ শিল্পী তথা উদ্ভাৱক অনিল কুমাৰ শইকীয়াই শেহতীয়াকৈ বাঁহীৰ ৫টা ঠাট উদ্ভাৱন কৰে। গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বাঁহীবাদক, অনাতাঁৰ শিল্পী তথা উদ্ভাৱক শইকীয়াই ভাৰতীয় শাস্ত্রীয় সংগীতৰ ঠাট অনুসৰি নতুনকৈ আবিষ্কৃত ৫ টি বাঁহীৰ চিনাকি কৰি দিয়ে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে তিনিচুকীয়া জিলাত জন্মগ্ৰহণ কৰা অনিল কুমাৰ শইকীয়া বৰ্তমান কর্মসূত্রে গুৱাহাটীৰ নিবাসী। শৈশৱ কালতে বাঁহীত আঙুলি বুলাই সুৰ তুলি ভাল পাইছিল শইকীয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a2be62d6-d34d-4848-8e2a-1ded627f28a4/0c1ef47e-d483-4b88-9548-d2a2b17cce14.jpg)
জীৱনৰ বহু ঘাট প্ৰতিঘাটৰ মাজেৰে আগবাঢ়ি অহা শইকীয়া পেছাত এজন কনিষ্ঠ অভিযন্তা। শেহতীয়াকৈ তেঁও উদ্ভাৱক হিচাপেও পৰিচয় দিবলৈ সক্ষম হৈছে। সাংস্কৃতিৰ পূজাৰী অনিল কুমাৰ শইকীয়াই আকাশৱাণী গুৱাহাটী, ডিব্ৰুগড়ত অনুষ্ঠান পৰিৱেশন কৰাৰ উপৰিও বিভিন্ন অনুষ্ঠান বাঁহী পৰিৱেশন কৰি নিজৰ প্ৰতিভাৰ চিনাকি দিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/56a1fdec-b2b7-4058-99cc-ca1d329192ab/749847ea-c5ff-4d87-a22f-bac55d1e0a94.jpg)
বাঁহী বজোৱাৰ সমান্তৰালকৈ শইকীয়াই নতুনকৈ ভাৰতীয় শাস্ত্রীয় সংগীতৰ ঠাট অনুসৰি ৫ টাকৈ বাঁহী উদ্ভাৱন কৰে। এই নতুনকৈ আবিষ্কৃত বাঁহীসমূহ ব্যৱহাৰ কৰি বাঁহী বাদকসকলে। লগতে বাঁহীত বজাবলৈ কঠিন অনুভৱ কৰা ৰাগসমূহ সহজতেই বজাব পাৰিব বুলি শইকীয়াই উক্ত অনুষ্ঠানত মত প্ৰকাশ কৰে।
লগতে শইকীয়াই জনাইছে ইতিমধ্যে এই ৫ বিধ বাহী পেটেন্ট (PATENT)ৰ বাবেও আবেদন কৰা হৈছে। প্রয়োজন অনুসৰি শইকীয়াই বিভিন্নজন শিল্পীক বাঁহী প্ৰস্তুত কৰি যোগান ধৰি অহাৰ কথাও ব্যক্ত কৰে।
উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি উপস্থিত থাকে হিন্দুস্থানী উচ্চংগ সংগীতত প্ৰথম মহিলা বাঁহীবাদক মিনু গগৈ আৰু শিল্পী শান্তনু বিশ্বাস। সভাৰ আঁত ধৰে তবলাবাদক তথা অভিনেতা ৰক্তিম দত্ত ।
Also Read: কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানত গাইডেন্স আৰু কেৰিয়াৰ কাউন্সিলিংৰ কাৰ্য্যসূচী সম্পন্ন