/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/Capture-2.png)
ডিজিটেল সংবাদ, চিৰাং: সমগ্ৰ দেশৰ লগতে সোমবাৰে অসমৰ বিভিন্ন প্ৰান্তত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬২ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হৈছে ।চিৰাঙৰ বাসুগাঁও চহৰতো আজি সাগ্নিক সাহিত্য আৰু সাংস্কৃতিক সংস্থাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬২ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰে ।
পুৱা সাগ্নিক কাৰ্যালয় প্ৰাঙ্গণত ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলন কৰা হয় । তাৰ পিছত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু সমাজৰ বিভিন্ন বৰ্গৰ লোকৰ উপস্থিতিত এক সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই সমগ্ৰ বাসুগাঁও চহৰ পৰিভ্ৰমণ কৰি বাসুগাঁও কালীবাড়ী প্ৰাঙ্গণত সামৰণি পেলায় । তাৰ পিছত বাসুগাঁও কালীবাড়ী প্ৰাঙ্গণত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ।
অনুষ্ঠানৰ আৰম্ভণিতে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিচ্ছবিত পুষ্পার্ঘ্য অর্পণ কৰে সাগ্নিক সাহিত্য আৰু সাংস্কৃতিক সংস্থাৰ উপদেষ্টা সুভাষ লোধ ৰায়, জেষ্ঠ্য সংগীত শিল্পী মৃদুল দাস সহ আমন্ত্ৰিত ব্যক্তি সকলে । আজিৰ সাংস্কৃতিক অনুষ্ঠানত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় শিল্পী সকলে ৰবীন্দ্ৰ কবিতা আবৃত্তি, ৰবীন্দ্ৰ সংগীত পৰিবেশন কৰি উপস্থিত দৰ্শকসকল মন মুহিবলৈ সক্ষম হয় ।
আৰু পঢ়ক: বিভিন্ন দাবীৰে সদৌ চাওতাল ছাত্ৰ সন্থাৰ মটৰ চাইকেল ৰেলী
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us