পুন:নিৰ্মাণ কৰা হ'ব ৰবীন্দ্ৰ ভৱন, নেথাকিব হেজাৰ হেজাৰ নাট্যপ্ৰেমীৰ স্মৃতি

পুন:নিৰ্মাণ কৰা হ'ব ৰবীন্দ্ৰ ভৱন, নেথাকিব হেজাৰ হেজাৰ নাট্যপ্ৰেমীৰ স্মৃতি

ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীক সজাই পৰাই কৰা হ'ব স্মাৰ্ট চিটি । যাৰ বাবেই নিৰ্মাণ কৰি থকা হৈছে মহানগৰীৰৰ প্ৰান্তে প্ৰান্তে উৰণীয়া সেতু, আকাশচুম্বী অট্টালিকা । পুন: নিৰ্মাণ কৰা হৈছে বিভিন্ন চৰকাৰী কাৰ্যালয় । কিন্তু ইয়াৰ সৈতেই প্ৰশাসনৰ হাতুৰীৰ কোব পৰিছে মহানগৰীৰ কলা সংস্কৃতিৰ কেন্দ্ৰবিন্দুস্বৰূপ স্থান ৰবীন্দ্ৰ ভৱনতো ।

ৰবীন্দ্ৰ ভৱনৰ পুন:নিৰ্মাণ কাৰ্য বহু পূৰ্বেই আৰ্মভ হৈছিল যদিও বৰ্তমান জানিব পৰা মতে, এক নতুন ৰূপত ৰাইজে দেখিবলৈ পাব ৰবীন্দ্ৰ ভৱনক । অৰ্থাৎ পুন:নিৰ্মাণৰ বাবে সম্পূৰ্ণ ৰূপে ভাঙি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব প্ৰশাসনে ।

প্ৰশাসনৰ এই সিদ্ধান্ত যদিও প্ৰশংসনীয় কিন্তু ইয়াৰ সৈতে জড়িত হৈ থকা কেইবা দশকৰ স্মৃতি এতিয়া বিচাৰি নাপাব নাট্যপ্ৰেমী ৰাইজে । উন্নত মানদণ্ডৰ মঞ্চ, অপেক্ষা গৃহ অথবা আসনৰ মাজত নাথাকিব অতীতৰ সুমধুৰ স্মৃতি ।      

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in